NORTHEAST NOW (Assamese)
অসম

এতিয়াৰ পৰা হুইল চেয়াৰ নিব পৰা স্থানৰ বিষয়েও জনাব Google Mapsয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 23, 2020 7:22 am

বিশ্বত বহুলভাৱে জনপ্ৰিয় এপ গুগল মেপছে এটা নতুন সংযোজন লৈ আহিছে ইয়াৰ ব্যৱহাৰকাৰী সকলৰ বাবে।

গুগল মেপছে শেহতীয়াভাৱে হুইল চেয়াৰ নিব পৰা স্থান সম্পৰ্কে ইয়াৰ মেপত অন্তৰ্ভুক্ত কৰিছে।

গুগল মেপছ ব্যৱহাৰকাৰী সকলে ‘একচেছিবল প্লেচ’ অপশ্যনটো টাৰ্ণ অন কৰি হুইল চেয়াৰ নিব পৰা স্থানৰ বিষয়ে সবিশেষ লাভ কৰিব।

গুগল মেপছ ব্যৱহাৰকাৰী সকলে ইয়াৰ লগতে উক্ত স্থানত জিৰণি কক্ষ আছে নে, পাৰ্কিঙৰ সুবিধা আছে নে নাই ইত্যাদি বিষয়েও জানিব পাৰিব।

গুগলৰ নতুন সংযোজনে বিশেষভাৱে সক্ষম লোক সকলক সহায় কৰিব বুলি ধাৰণা কৰা হৈছে।

উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বত বিভিন্ন স্থান আদিৰ বিষয়ে জানিবৰ বাবে জনসাধাৰণে গুগল মেপ ব্যৱহাৰ কৰি আহিছে।

গাড়ী চালক সকলে নতুন পথৰ বিষয়ে জনিবৰ বাবেও গুগল মেপৰ ব্যৱহাৰ কৰে।

তাৰোপৰি, গুগল মেপে সেই স্থানত থকা বিমান বন্দৰ, ৰে’ল ষ্টেশ্যন, মেট্ৰ’ ষ্টেশ্যন আদিকে ধৰি চিনেমা গৃহ, হোটেল, ৰেষ্টুৰেণ্টকে ধৰি মুখ্য মুখ্য স্থান সমূহৰ বিষয়ে ব্যৱহাৰকাৰী সকলক তথ্যৰ যোগান ধৰে।