NORTHEAST NOW (Assamese)

টকিঅ’ অলিম্পিকত কৰ’না! গেমছ ভিলেজত প্ৰথমটো সংক্ৰমণৰ ঘটনা

July 17, 2021 11:53 am · এন ই নাও নিউজ

টকিঅ’ অলিম্পিক আৰম্ভ হ’বলৈ আৰু ছয় দিন বাকী থকা অৱস্থাত গেমছ ভিলেজত চিনাক্ত হৈছে প্ৰথমটো কৰ’নাৰ সংক্ৰমণৰ ঘটনা।

অলিম্পিক কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে গেমছ ভিলেজত এজন কৰ’নাত আক্ৰান্ত হৈছে। অৱশ্যে, তেওঁৰ পৰিচয় এতিয়াও সদৰী কৰা হোৱা নাই।

অহা ২৩ জুলাইৰ পৰা অলিম্পিক আৰম্ভ হ’ব। বহু খেলুৱৈ ইতিমধ্যে গৈ টকিঅ’ত উপস্থিত হৈছে।

অলিম্পিক আয়োজক সংস্থাৰ মুখপাত্ৰই জানিবলৈ দি কয়,’’এজন আক্ৰান্ত হৈছে। ভিলেজৰ ভিতৰত এইটোৱে প্ৰথম কৰ’নাৰ সংক্ৰমণ।‘’

উল্লেখ্য যে যোৱা বছৰেই অলিম্পিক আয়োজন কৰাৰ কথা আছিল যদিও কৰ’নাৰ বাবে সেয়া সম্ভৱ নহ’ল। এইবাৰ আয়োজন কৰা হৈছে যদিও জাপানতেই বাৰে বাৰে প্ৰতিবাদৰ সন্মুখীন হ’ব লগা হৈছে অলিম্পিক কৰ্তপক্ষ।

কৰ’নাৰ বাবেই এইবাৰ অলিম্পিকত কোনো দৰ্শক নাথাকিব। সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতো কৰ’নাৰ প্ৰৱেশ ৰোধ কৰিব পৰা নগ’ল।

অলিম্পিক আৰম্ভ হ’বলৈ মাত্ৰ ছয় দিন থকা অৱস্থাত কৰ’নাৰ এই সংক্ৰমণৰ ঘটনাই স্বাভাৱিকতে আয়োজকৰ চাপ বৃদ্ধি কৰিছে।

ইপিনে, ভাৰতীয় খেলুৱৈসকলৰ বহুতেই ইতিমধ্যে টকিঅ’ত উপস্থিত হৈছে।

Related News