NORTHEAST NOW (Assamese)
অসম

বিশ্বত প্ৰথমবাৰৰ বাবে মৃগী ৰোগীৰ মূৰত সফলতাৰে প্ৰতিস্থাপন কৰা হ’ল বিশেষ যন্ত্ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 25, 2024 2:53 pm

বিশ্বত প্ৰথমবাৰৰ বাবে পেশী সংকোচন নিয়ন্ত্ৰণৰ বাবে গুৰুতৰ মৃগীৰোগীৰ মূৰত বিশেষ যন্ত্ৰ (ডিভাইচ) প্ৰতিস্থাপন কৰা হৈছে। সংশ্লিষ্টসকলে দাবী কৰিছে যে ইয়াৰ জৰিয়তে বহুপৰিমানে পেশীৰ সংকোচন নিয়ন্ত্ৰণ কৰা সম্ভৱ।

যোৱা বছৰ অৰাণ ন’লছন নামৰ ১৩ বছৰীয়া ল’ৰা এটাৰ মূৰৰ খুলিত পৰীক্ষামূলকভাৱে এই যন্ত্ৰটো প্ৰতিস্থাপন কৰা হৈছিল। এই যন্ত্ৰটোৱে মগজুলৈ বৈদ্যুতিক সংকেত প্ৰেৰণ কৰি থকাৰ ফলত দিনৰ ভাগত তেওঁৰ পেশী সংকোচন বহু পৰিমাণে হ্ৰাস পাইছে।

এই যন্ত্ৰটোৰ নাম নিউৰোষ্টিমুলেটৰ (Neurostimulator) যিটো এম্বাৰ থেৰাপিউটিকছ (Amber Therapeutics) নামৰ ব্ৰিটিছ কোম্পানী এটাই নিৰ্মাণ কৰিছে। ইয়াৰ জৰিয়তে মগজুৰ গভীৰতালৈ বৈদ্যুতিক সংকেত প্ৰেৰণ কৰা সম্ভৱ।

যোৱা বছৰৰ অক্টোবৰ মাহত লণ্ডনৰ গ্ৰেট অৰমণ্ড ষ্ট্ৰীট হাস্পতালত অৰাণৰ মূৰত অস্ত্ৰোপচাৰৰ জৰিয়তে এই যন্ত্ৰটো প্ৰতিস্থাপন কৰা হৈছিল।

অৰাণৰ বিভিন্ন ধৰণৰ পেশীৰ সংকোচন হৈছিল। কেতিয়াবা কেতিয়াবা তেওঁ প্ৰচণ্ডভাৱে কঁপি কঁপি মাটিত পৰি চেতনা হেৰুৱাইছিল। আনকি তেওঁৰ উশাহ-নিশাহো প্ৰায়ে বন্ধ হৈ গৈছিল। তাৰ পিছত তেওঁক বচাবলৈ জৰুৰীকালীন ঔষধৰ প্ৰয়োজন হৈছিল। কিন্তু নিউৰ’ষ্টিমুলেটৰ প্ৰতিস্থাপনৰ পিছত অৰান আগৰ তুলনাত বহুত ভালে আছে।

মৃগীৰোগ হৈছে স্নায়ুজনিত বিকাৰ যাৰ ফলত পেশী সংকোচনৰ সৃষ্টি হয়। এই ৰোগৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই যদিও, মগজুৰ আঘাত, ষ্ট্ৰোক, মগজুৰ টিউমাৰ বা সংক্ৰমণ, জন্মগত বিসংগতিক সম্ভাৱ্য কাৰণ হিচাপে চিনাক্ত কৰা হয়।