NORTHEAST NOW (Assamese)
অসম

বাংলাদেশ ভ্ৰমণত ভাৰতীয় বায়ুসেনা মুৰব্বী

Posted by: এন ই নাও নিউজ February 10, 2019 7:22 pm
IAF chief asks warriors in eastern frontier to remain vigilant

চাৰিদিনীয়া বিভাগীয় ভ্ৰমণসূচীৰে সোমবাৰে বাংলাদেশলৈ যাব ভাৰতীয় বায়ুসেনা মুৰব্বী এয়েৰ চ্চিফ মাৰ্শ্বেল বিৰেন্দৰ সিং ধানৱা।

ভ্ৰমণকালত ধানৱাই বাংলাদেশৰ তিনিওটা প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বীসকলৰ লগতে প্ৰধান মন্ত্ৰী শ্বেখ হাচিনাকো সাক্ষাৎ কৰিব।

বাংলাদেশ বায়ুসেনা বাহিনীৰ অভিযান আৰু প্ৰশিক্ষণ গোটসমূহো ভ্ৰ্ৰমণ কৰিব ভাৰতৰ শীৰ্ষ প্ৰতিৰক্ষা বিষয়াজনে। ভ্ৰমণটোৱে প্ৰতিৰক্ষা ক্ষেত্ৰত বৰ্ধ্বিত সহযোগিতা আৰু অধিক কথা-বতৰাৰ বাট মুকলি কৰিব বুলি আশা প্ৰকাশ কৰিছে ভাৰতীয় পক্ষই।

“লগতে ই দুয়োটা বায়ুসেনা বাহিনীৰ মাজত সম্পৰ্কক অধিক শক্তিশালী কৰিব আৰু উৎপাদনমুখী বিনিময়ত জৰিত হোৱাৰ পথ মুকলি কৰিব,” চাৰ্ক (SAARC) সতীৰ্থ চুবুৰীয়া দেশখনলৈ বায়ুসেনা মুৰব্বীৰ এই ভ্ৰমণক “শুভেচ্ছামূলক” বুলি সদৰী কৰিছে এই বিবৃতি প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ।