NORTHEAST NOW (Assamese)
অসম

কোভিডত আক্ৰান্ত হৈ কলিয়াবৰত প্ৰথমজন ব্যক্তিৰ মৃত্যু

Posted by: ৰিদিপ শৰ্মা,কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা,কলিয়াবৰ January 19, 2022 8:00 pm

কোভিডত আক্ৰান্ত হৈ কলিয়াবৰত প্ৰথমজন ব্যক্তিৰ মৃত্যু।

কলিয়াবৰ দলগাঁৱৰ বামুনভেটিৰ ভগৎ সৎনামীৰ মৃত্যু ঘটিছে কোভিডত।

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল ব্যক্তিজন।

মৃত ব্যক্তিজনৰ বয়স ৭০ উৰ্দ্ধৰ বুলি জানিব পৰা গৈছে।

ব্যক্তিজনক তেজপুৰ মেডিকেল কলেজ হস্পিতালৰ পৰা কলিয়াবৰৰ দলগাঁও বাসগৃহলৈ অনা হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে¸ কোভিডৰ তৃতীয় লহৰত কলিয়াবৰত এই পৰ্যন্ত কোভিড আক্ৰান্তৰ সংখ্যা ৪০ ৰ পাৰ হৈছে।