NORTHEAST NOW (Assamese)
ক্ৰীড়া

‘নাগালেণ্ড প্ৰিমিয়াৰ বেডমিণ্টন লীগ’ আৰম্ভ, ৬টা দলৰ মাজত খিতাপৰ যুঁজ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 30, 2019 12:00 pm
nagaland-premier-badminton-league

নাগালেণ্ডৰ কহিমাত বুধবাৰৰ পৰা আৰম্ভ হৈছে প্ৰথম সংখ্যক নাগালেণ্ড প্ৰিমিয়াৰ বেডমিণ্টন লীগ। কহিমাস্থিত ইণ্ডোৰ বেডমিণ্টন ষ্টেডিয়ামত চলি থকা প্ৰিমিয়াৰ লীগখন নাগালেণ্ড বেডমিণ্টন ক্লাবৰ উদ্যোগত আৰু নাগালেণ্ড বেডমিণ্টন এছ’চিয়েশ্যনৰ সহযোগত তিনিদিনিয়াকৈ আয়োজন কৰা হৈছে।

শুকুৰবাৰে সমাপ্ত হ’ব লগীয়া প্ৰতিযোগিতাখনত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১০৮ গৰাকী খেলুৱৈয়ে নিজৰ নিজৰ প্ৰতিভা দেখুৱাব। প্ৰতিযোগিতাখনত মুঠ ৬টা দলে অংশগ্ৰহণ কৰিছে।

প্ৰতিযোগিতাখনৰ শুভাৰম্ভণি অনুষ্ঠানত কহিমাৰ উপায়ুক্ত অনুপ খিনচি উপস্থিত থাকি আয়োজকক ধন্যবাদ জনোৱাৰ লগতে আগন্তুক দিনত এই প্ৰতিযোগিতাখনে প্ৰতিভাৱান বেডমিণ্টন খেলুৱৈ নিৰ্মাণত সাংঘাতিকভাৱে অৰিহনা যোগাব বুলি মন্তব্য কৰে।

তেওঁ লগতে কয় যে নাগা লোকসকল অত্যন্ত প্ৰতিভাসম্পন্ন কিন্তু এই প্ৰতিভা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ পৰ্যবসিত কৰিবলৈ হ’লে কষ্ট কৰিব লাগিব।

ইফালে নাগালেণ্ড বেডমিণ্টন ক্লাবৰ সাধাৰণ সম্পাদক জোছেফ চুমিয়ে কয় যে ৰাজ্যৰ প্ৰতিভাসম্পন্ন বেডমিণ্টন খেলুৱৈ সকলক এখন উচিত প্লেটফ’ৰ্ম দিয়াৰ মানসেৰে এই প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে।