NORTHEAST NOW (Assamese)
অসম

দুখীয়া ছাত্ৰ-ছাত্ৰীক সকাহ ৰাজ্য চৰকাৰৰ, এইবাৰো হ’ব বিনামূলীয়া নামভৰ্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 30, 2019 10:41 am
students

হাইস্কুল শিক্ষান্ত পৰীক্ষা তথা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ দুখীয়া পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্যে যোৱা দুটা বছৰৰ দৰে এইবাৰো বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে।

বুধবাৰে উচ্চ শিক্ষা সঞ্চালকালয়ে কাৰ্যালয় স্মাৰক প্ৰকাশ কৰাৰ লগতে বিনামূলীয়া নামভৰ্তি সন্দৰ্ভত সকলো চৰকাৰী আৰু প্ৰাদেশীকৃত শিক্ষানুষ্ঠানসমূহলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে।

চৰকাৰী নিৰ্দেশনা অনুসৰি বছৰেকত ২ লাখতকৈ কম উপাৰ্জন কৰা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীত বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিব। কিন্তু যদিহে পিতৃ-মাতৃৰ কোনো এজনে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ অধীনষ্ঠ চাকৰিয়াল হয় তেন্তে সেই পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে এই সুবিধা লাভ নকৰিব।

উল্লেখ্য যে বিনামূলীয়া নামভৰ্তিৰ এই সুবিধা গ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে স্থানীয় ৰাজহ চক্ৰ বিষয়াৰ পৰা আয়ৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব।