NORTHEAST NOW (Assamese)
অসম

নগেন শইকীয়াক ‘এন টি আৰ নেশ্যনেল লিটাৰেৰি’ বঁটা প্ৰদান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 30, 2019 10:27 am
Nagen_Saikia

অসম সাহিত সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট সাহিত্যিক নগেন শইকীয়াক ‘এন টি আৰ নেশ্যনেল লিটাৰেৰি এৱাৰ্ড’ প্ৰদান কৰা হয়।

কালি অৰ্থাৎ বুধবাৰে হায়দৰাবাদৰ ৰবীন্দ্ৰ ভাৰতী ভৱনত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত ড০ শইকীয়াই মুখ্য অতিথি ড০ কে ৰাজায়া পৰা উক্ত বঁটা গ্ৰহণ কৰে।

উল্লেখযোগ্য যে অন্ধ্ৰপ্ৰদেশৰ প্ৰয়াত মুখ্য মন্ত্ৰী তথা প্ৰখ্যাত অভিনেতা ড০ এন টি ৰামাৰাওৰ সোঁৱৰণত ৰাজ্যখনৰ এন টি আৰ ভিগনানা ট্ৰাষ্টে প্ৰদান কৰি অহা বঁটাত আছে এটা সোণৰ মেডেল, ১লাখ টকাৰ চেক, প্ৰশংসা পত্ৰ, স্মাৰক আৰু অংগ বস্ত্ৰ।

কালি প্ৰয়াত মুখ্য মন্ত্ৰী গৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয়। যোৱা ২ মে’ত এন টি ৰামাৰাওৰ পত্নী লক্ষ্মী পাৰ্বতীৰ অধ্যক্ষতাত ট্ৰাষ্টৰ এক বিশেষ বৈঠকত নগেন শইকীয়াক উক্ত বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছিল।