টিভি নহয়, প্ৰথমে নিয়ন্ত্ৰণ কৰক ডিজিটেল মিডিয়াক—উচ্চতম ন্যায়ালয়ক আহ্বান কেন্দ্ৰৰ
টেলিভিছন চেনেল অথবা ছপা মাধ্যমক নিয়ন্ত্ৰণ কৰাৰ সলনি প্ৰথমে ডিজিটেল মিডিয়াক নিয়ন্ত্ৰণ কৰাৰ আহ্বান জনালে কেন্দ্ৰই।
উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি দপ্তৰে দাখিল কৰা এখন শপতনামাত এইবুলি কোৱা হৈছে যে ডিজিটেল মিডিয়াই এতিয়া আতংকৰ সৃষ্টি কৰিছে।
এই মিডিয়াৰ জৰিয়তে সঁচাই -মিছাই কেতবোৰ উত্তেজনা সৃষ্টিকাৰী বাতৰি প্ৰকাশ তথা সম্প্ৰচাৰ হৈ আহিছে।
অথচ ডিজিটেল মিডিয়াৰ ওপৰত কোনো বিশেষ নিয়ন্ত্ৰণ এতিয়া কাৰো নাই।
সুদৰ্শণ টিভিৰ এটা বাতৰিকলৈ উচ্চতম ন্যায়ালয়ে ১৫ ছেপ্তেম্বৰত চেনেলটোৰ সম্প্ৰচাৰ বন্ধ কৰি দিয়াৰ পিছতে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড,ন্যায়াধীশ ইন্দু মালহোট্ৰা আৰু ন্যায়াধীশ কে এম যোচেফক লৈ গঠিত বিশেষ খণ্ডপীঠক শপতনামা দাখিল কৰি তথ্য-প্ৰযুক্তি দপ্তৰে এনেদৰে কয়।
শপতনামাত কেন্দ্ৰই কৈছে যে ২০১৪ আৰু ২০১৮ চনতে উচ্চতম ন্যায়ালয়ে ছপা আৰু ইলেক্ট্ৰনিক মাধ্যমক নাকী লগাব পৰাকৈ নিৰ্দেশনা জাৰি কৰি থৈছে।
সেয়ে এই দুটা প্ৰচাৰ মাধ্যমৰ বাবে নতুনকৈ নিৰ্দেশনা জাৰি কৰাৰ প্ৰয়োজন নাই।
শপতনামা খনত লগতে কোৱা হৈছে যে ছপা বা ইলেক্ট্ৰনিক মাধ্যমত বাতৰিবোৰ এবাৰহে প্ৰকাশ বা সম্প্ৰচাৰ হয়।
ইয়াৰ বিপৰীতে ডিজিটেল মিডিয়াৰ বাতৰি ফেচবুক,হোৱাচটছ এপ,টুইটাৰ, ইউটিউৱ আদিৰ মাধ্যমেৰে বাৰে বাৰে মানুহৰ কাষ পায়।
সেয়ে শক্তিশালী গণ মাধ্যমত পৰিণত হোৱা ডিজিটেল মিডিয়াক নিয়ন্ত্ৰণ কৰাৰ বাবেহে নীতি নিৰ্দ্ধাৰণ কৰিবলৈ কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক আহ্বান জনাইছে।