NORTHEAST NOW (Assamese)

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

May 16, 2025 9:50 pm · নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী
Updated: May 16, 2025 11:16 pm

ইউক্ৰেইনত চলি থকা যুদ্ধৰ অন্ত পেলাবলৈ ইউক্ৰেইন আৰু ৰাছিয়াৰ প্ৰতিনিধি দলৰ মাজত তুৰস্কৰ ইস্তানবুলত এক বৈঠক আৰম্ভ হৈছে। এই শান্তি আলোচনাত তুৰ্কীও জড়িত হৈ আছে। তুৰ্কীতেই অনুষ্ঠিত কৰা হৈছে এই বৈঠক।

২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছত দুয়োখন দেশৰ মাজত এয়াই এনে প্ৰথমখন বৈঠক, যত দুয়োখন দেশৰ প্ৰতিনিধি দলে মুখামুখি আলোচনাত মিলিত হৈছে।সভাকক্ষত উপস্থিত থকা সাংবাদিকে এই কথা প্ৰকাশ কৰিছে যে আলোচনাৰ সময়ত দুয়োটা দলে ইজনে সিজনৰ লগত সৌজন্যতাৰ হাত মিলোৱাও নাছিল।

Related News