NORTHEAST NOW (Assamese)

নাগ্ৰীজুলিৰ খাটৰবাৰী হাইস্কুলত আজাদি কি অমৃত মহোৎসৱৰ ফিট ইণ্ডিয়া বিদ্যালয় সপ্তাহ

December 6, 2021 2:42 pm · দীপক কুমাৰ পাঠক, বাক্সা

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলিস্থিত ঐতিহ্যমণ্ডিত খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আজিৰে পৰা আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ফিট ইণ্ডিয়া বিদ্যালয় সপ্তাহ উদযাপন কৰা হৈছে।

আজিৰে পৰা আৰম্ভ হোৱা এই বিদ্যালয় সপ্তাহৰ অহা ১২ ডিচেম্বৰত সামৰণি পৰিব। আজি অনুষ্ঠানৰ শুভাৰম্ভ কৰে খাটৰবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক জিতেন বড়োৱে।

আজিৰ অনুষ্ঠানত ছাত্র ছাত্ৰী সকলৰ মাজত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। 

নৃত্য প্ৰতিযোগিতা পৰিচালনা কৰে বিদ্যালয় খনৰ শিক্ষক আলোক ৰাভা, থানেশ্বৰ ৰাভা, ৰবেন ৰাভা, হিতেশ বড়োৱে।

বাকী কেইটা দিনত বিভিন্ন ধাৰণৰ খেল ধেমালি, চিত্ৰাংকন, কুইজ, আকস্মিক বক্তৃতা, যোগ-ব্যায়াম আদি প্ৰতিযোগতা অনুষ্ঠিত হব।

ছাত্র- ছাত্ৰী সকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে এই ফিট ইণ্ডিয়া বিদ্যালয় সপ্তাহ আয়োজন কৰা হৈছে বুলি বিদ্যালয় প্ৰধান গৰাকীয়ে সদৰী কৰিছে।

Related News