NORTHEAST NOW (Assamese)

লখিমপুৰত জাল নোটসহ ৫ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ

October 21, 2019 2:59 pm · ফাৰহানা আহমেদ
Updated: October 21, 2019 3:01 pm

লখিমপুৰ আৰক্ষীয়ে দেওবাৰে নিশা এক অভিযান চলাই জাল নোটসহ ৫ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোককেইজনক বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত ১ নং আহমেদপুৰৰ আব্দুল কুদ্দুছৰ পুত্ৰ মিজাৰুল ইছলাম (২৬), বঙালমৰা ১ নং দৌলতপুৰৰ মনিৰুল তালুকদাৰৰ পুত্ৰ জেহেৰুল হক তালুকদাৰ ওৰফে ভাইটি, নগাঁও ৰূপহীৰ নুৰুল হুছেইনৰ পুত্ৰ আব্দুল ছাহিদৰ (৩২), বৰচলাৰ ইব্ৰাহিম আলীৰ পুত্ৰ য়ুছুফ আলী আৰু বিহপুৰীয়াৰ কুৰ্বান আলী (২৭) বুলি চিনাক্ত কৰা হৈছে।

লোককেইজনৰ কবলৰ পৰা ১২ লাখ টকাৰ নগদ ধন, এ এছ ০৭ এল ১২৫৬ নম্বৰৰ এখন I-20 হুণ্ডাই গাড়ী, দুখন মটৰচাইকেল আৰু ৫টা মোবাইল ফোন জব্দ কৰা হয়।

ইয়াৰে জব্দ কৰা হুণ্ডাই গাড়ীখন জেহেৰুল হক তালুকদাৰৰ বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

Related News