NORTHEAST NOW (Assamese)
অসম

পঞ্জাৱত বিএছএফৰ গুলীত নিহত পাঁচজন সন্দেহজনক পাকিস্তানী অনুপ্ৰৱেশকাৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 22, 2020 1:40 pm
412692454-militants_850x478

পঞ্জাৱৰ পাকিস্তানী সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) গুলীত শনিবাৰে নিহত হৈছে পাঁচজন অবৈধ অনুপ্ৰৱেশকাৰীৰ।

অনুপ্ৰৱেশকাৰী কেইজন পঞ্জাৱৰ তৰণ তৰাণ জিলাত নিহত হৈছে।

তেওঁলোকে বিখিউণ্ড মহকুমাৰ ডাল গাঁৱেৰে পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল।

সীমান্তৰে প্ৰৱেশ কৰাৰ চেষ্টা চলোৱাৰ সময়তে বিএছএফৰ দৃষ্টি পৰাত এনকাউন্টাৰত পাঁচজন নিহত হয়।

প্ৰথমতে বিএছএফৰ লোকসকলে তিনিজনৰ মৃতদেহ উদ্ধাৰ কৰে আৰু পাছত আন দুজনৰ মৃতদেহৰ সন্ধান লাভ কৰে।

বিএছএফৰ দলটোৱে ঘটনাস্থলীৰ পৰা ৰাইফল আৰু পিষ্টলো উদ্ধাৰ কৰিছে।

বিএছএফৰ তৰফৰ পৰা জানিবলৈ দিছে যে মাটিত মাইন পুতি ৰখাৰ আশংকাত তেওঁলোকে সাৱধানে তালাচী অবিযান চলাই আছে।

সূত্ৰ অনুসৰি, শনিবাৰে পুৱা প্ৰায় ৫বজাত ১০৩ বেটেলিয়নৰ জোৱানসকলে পাকিস্তানৰ সীমান্তৰ পিনে লোককেইজনৰ সন্দেহজনক গতিবিধি লক্ষ্য কৰে।

ইয়াৰ পাছতে জোৱানসকলে দুজন লোকে সীমান্ত অতিক্ৰম কৰা দেখা পায়। বিএছএফৰ লোকসকলে তেওঁলোকক ৰ’বলৈ কয় যদিও তেওঁলোকে ভ্ৰূক্ষেপ নকৰি গৈ থাকে।

বিএছএফৰ জোৱানসকলে বাধ্য হৈ গুলী চলায়। ইয়াত মুঠ পাঁচজন অনুপ্ৰৱেশকাৰীৰ মৃত্যু হয়।

নিহত লোককেইজনক পাকিস্তানী নাগৰিক হয় নে নহয় তাৰ অনুসন্ধান কৰা হৈছে যদিও অভিযান সম্পূৰ্ণ হোৱালৈকে অপেক্ষা কৰা হৈছে।