NORTHEAST NOW (Assamese)

আবুঝমাৰ বনাঞ্চলত নিৰাপত্তাৰক্ষীৰ গুলীত ৫ মাওবাদী নিহত

September 5, 2025 8:06 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 5, 2025 8:09 pm

শুকুৰবাৰে বন্দুকৰ গুলীৰ শব্দত পুনৰ জোকাৰি গ’ল ছত্তীশগড়ৰ ‘ৰেড কৰিডৰ’। আবুঝমাৰৰ গভীৰ জংঘলত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা বন্দুকৰ যুঁজত ৫ মাওবাদী নিহত হয়।

শুকুৰবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে বন্দুকৰ যুঁজ। দন্তেৱাড়া আৰু নাৰায়ণপুৰৰ পৰা জিলা ৰিজাৰ্ভ গাৰ্ডৰ যৌথ দলে পূব বাষ্টাৰ সংমণ্ডলত অভিযান চলায়। সেই সময়ত মাওবাদীয়ে সেনা বাহিনীৰ ওপৰত আকস্মিক আক্ৰমণ চলায়।

মাওবাদীৰ প্ৰচণ্ড গুলীচালনাৰ মাজতে জোৱানসকলে ওলোটাই আক্ৰমণ কৰে। নিৰাপত্তাৰক্ষীৰ প্ৰত্যুত্তৰত মাওবাদীয়ে পিছুৱাই যাবলৈ বাধ্য হয়।

দন্তৱাদাৰ এছ পি গৌৰৱ ৰায়ে এই খবৰ নিশ্চিত কৰি কয় যে ঘন জংঘলৰ পৰা এতিয়াও কেইবাজনো মাওবাদীৰ মৃতদেহ উদ্ধাৰ হোৱা নাই।

সমগ্ৰ বস্তৰ অঞ্চলত চলি আছে মাওবাদী বিৰোধী অভিযান। যোৱা ২৮ আগষ্টত ছত্তীশগড়-মহাৰাষ্ট্ৰ সীমান্তৰ গাডচিৰোলিৰ কোপাৰশী বনাঞ্চলত চি-৬০ কমাণ্ডোৰ সৈতে হোৱা তীব্ৰ বন্দুকযুদ্ধত চাৰিজন মাওবাদী নিহত হৈছিল। ঘটনাস্থলীৰ পৰা বহু অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে। লগতে জব্দ কৰিছে কেইবাখনো নিষিদ্ধ কিতাপ আৰু নথি-পত্ৰ।

আনহাতে, বুধবাৰে পালামৌৰ মানাটু থানা এলেকাৰ অন্তৰ্গত কেডাল গাঁৱৰ অৰণ্যত মাওবাদীৰ গুলীত দুই ভাৰতীয় সেনাই প্ৰাণ হেৰুৱায়।

Related News