NORTHEAST NOW (Assamese)

দুটি শিশুসহ একেটা পৰিয়ালৰে পাঁচজন লোকৰ মৃতদেহ উদ্ধাৰ : হত্যাকাণ্ড নে আত্মহত্যা জানিবলৈ পঢ়ক

November 17, 2020 6:08 pm · এন ই নাও নিউজ
Updated: November 17, 2020 6:13 pm

দুটি শিশুসহ একেটা পৰিয়ালৰে পাঁচজন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে ছত্তিশগড়ত।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ছত্তিশগড়ৰ ৰায়পুৰ জিলাৰ নিজ গৃহত মংগলবাৰে একেটা পৰিয়ালৰে পাঁচটা মৃতদেহ উদ্ধাৰ কৰা হৈছে।

মৃত লোককেইজন কমলেশ চাহু(৩৫), তেওঁৰ মাতৃ ললিতা বাই(৬০), পত্নী প্ৰমীলা(৩০) আৰু দুই শিশু পুত্ৰ বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

আৰক্ষী বিষয়া অজয় যাদৱৰ উদ্ধৃতিৰে পিটিআই-এ প্ৰকাশ কৰিছে যে এয়া হত্যাকাণ্ড নে আত্মহত্যাৰ ঘটনা এতিয়াও স্পষ্ট হোৱা নাই।

প্ৰাথমিক তদন্ত তথা তথ্যৰ ভিত্তিত কমলেশে সকলোকে হত্যা কৰি নিজেও আত্মহত্যা কৰাৰ বুলিহে আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহসমূহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

ইফালে ঘটনাটোৰ তদন্তৰ বাবে ঘটনাস্থলীলৈ ফৰেনছিক বিভাগৰ এটা দলো প্ৰেৰণ কৰা হৈছে বুলি প্ৰকাশ কৰিছে আৰক্ষী বিভাগে।

ছত্তিশগড় গৃহমন্ত্ৰী তাম্ৰধ্বজ চাহুৱে জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকক ফোনযোগে সমগ্ৰ ঘটনাটোক ক্ষীপ্ৰতাৰে তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।

পৰিয়ালটোৱে কোনো আৰ্থিক অথবা স্বাস্থ্য সংক্ৰান্তীয় সমস্যাত ভুগি আছিল নেকি তাৰো অনুসন্ধান আৰম্ভ কৰা বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

Related News