NORTHEAST NOW (Assamese)
Uncategorized

ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 15, 2025 9:20 pm

দিল্লীৰ হুমায়ুনৰ সমাধি কমপ্লেক্সত সংঘটিত হৈছে ভয়ানক দুৰ্ঘটনা। সমাধিৰ এটা অংশৰ দেৱাল ভাঙি পৰাৰ ফলত ৫ জন লোকৰ মৃত্যু হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি এই ঘটনাত আৰু ৭ জন লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, সমাধি কমপ্লেক্সৰ ভিতৰৰ পাট শ্বাহ দৰগাহৰ দেৱালৰ এটা অংশ হঠাতে ভাঙি পৰে। লগে লগে বহু লোক আৱদ্ধ হৈ পৰে ধ্বংসাৱশেষৰ তলত।

বিয়লি প্ৰায় ৩:৫১ বজাত দিল্লী অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনা সন্দৰ্ভত ফোন লাভ কৰে। এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু অন্যান্য জৰুৰীকালীন সেৱাৰ লোকে ক্ষীপ্ৰতাৰে সেই স্থানত উপস্থিত হয়।

শেহতীয়া খবৰ অনুসৰি ১১ জন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। ঘটনাস্থলীত উপস্থিত হৈছে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ এটা দল। ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা আশংকা কৰা লোকসকলক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে।

স্থানীয় প্ৰশাসনে জনাইছে যে দিল্লীত অবিৰত বৰষুণৰ বাবে এনে দুৰ্ঘটনাৰ আশংকা যথেষ্ট বৃদ্ধি পাইছে।