NORTHEAST NOW (Assamese)
দেশ

স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 15, 2025 8:15 pm
স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

শুকুৰবাৰে চিপিআইএমৰ সাধাৰণ সম্পাদক এম এ বেবীয়ে কয় যে স্বাধীনতা দিৱসৰ ভাষণত নৰেন্দ্ৰ মোদীয়ে আৰ এছ এছক প্ৰশংসা কৰাতো অতিকে দুখজনক। কিয়নো ভাৰতৰ স্বাধীনতাৰ লগত আপোচ কৰাৰ ইতিহাস আছে আৰ এছ এছৰ ।

৭৯ সংখ্যক স্বাধীনতা দিৱসত জাতিটোক শুভেচ্ছা জনাই চিপিআই(এম)ৰ সাধাৰণ সম্পাদক এম এ বেবীয়ে কয় যে মহাত্মা গান্ধীৰ হত্যাৰ পিছত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ নিষিদ্ধ কৰা হৈছিল।

বেবীয়ে লগতে কয় যে আৰ এছ এছৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ শ্বহীদসকলক অসন্মান কৰিছে। অতি দুৰ্ভাগ্যজনক যে প্ৰধানমন্ত্ৰী মোদীয়ে লালকিল্লাৰ পৰা স্বাধীনতা দিৱসৰ ভাষণত আৰ এছ এছক প্ৰশংসা কৰিছিল – বিশেষকৈ সন্দেহজনক ঐতিহাসিক অভিলেখ থকা সংগঠন এটাক। স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ কোনো ভূমিকা নাছিল আৰু আৰ এছ এছ হৈছে ধৰ্মীয় ভিত্তিত জাতীয় ঐক্য বিনষ্ট কৰিবলৈ অহৰহ চেষ্টা কৰি অহা সংগঠন।

ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰ এছ এছৰ ১০০ বছৰীয়া জয়ন্তীক “বিশ্বৰ সৰ্ববৃহৎ এন জি অ’”ৰ “অতি গৌৰৱময় যাত্ৰা বুলি প্ৰশংসা কৰে আৰু আৰ এছ এছৰ সকলো স্বেচ্ছাসেৱকক জাতিটোৰ প্ৰতি নিষ্ঠাবান সেৱাৰ বাবে প্ৰশংসা কৰে।