NORTHEAST NOW (Assamese)
অসম

বেঁকী নৈত নাও দুৰ্ঘটনা; ৫ গৰাকী ব্যক্তি সন্ধানহীন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 13, 2019 4:40 pm
Guwahati boat accident: Five persons gone missing in Brahmaputra

বৰপেটা জিলাৰ বেঁকী নৈত এখন মালবাহী নাও দুৰ্ঘটনাত পতিত হোৱাৰ পিছৰ পৰা সন্ধানহীন হৈ থকা ৫ গৰাকী যাত্ৰীৰ এই পৰ্যন্ত সন্ধান ওলোৱা নাই।

যোৱা সোমবাৰ অৰ্থাৎ ১২ আগষ্টত নাও দুৰ্ঘটনাটো সংঘটিত হৈছিল।

আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে জিলাখনৰ কলগাচিয়াৰ সমীপৰ কালামপুৰত দুৰ্ঘটনাত পতিত হোৱা নাওখনত সেই সময়ত ১১ গৰাকী লোক আছিল।

ইয়াৰে ৬ গৰাকীয়ে সাঁতুৰি নৈৰ পাৰলৈ আহিবলৈ সক্ষম হ’ল যদিও বাকি ৫ গৰাকী ব্যক্তিৰ এই পৰ্যন্ত কোনো সন্ধান নাই।

বাতৰি লিখা পৰ্যন্ত সন্ধানহীন লোককেইজনক বিচাৰি উদ্ধাৰকাৰী দলে অভিযান চলাই আছে বুলি জানিব পৰা গৈছে।

সন্ধানহীন হৈ থকা লোককেইজনক ছানিয়াৰা খাটুন, নাৰ্গিছ ছুলটানা, ইক্ৰামুল হুছেইন, ছামাদ আলী আৰু ছায়েদ আলী বুলি চিনাক্ত কৰা হৈছে।