NORTHEAST NOW (Assamese)

Breaking News: জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গ্ৰেণেড আক্ৰমণত নিৰাপত্তা বাহিনীৰ পাঁচ জোৱান আহত

February 11, 2022 6:36 pm · এন ই নাও নিউজ, গুৱাহাটী

জম্মু-কাশ্মীৰৰ বান্দিপোৰা অঞ্চলত সন্ত্ৰাসবাদীয়ে নিৰাপত্তা বাহিনীৰ এটা যুটীয়া দলত গ্ৰেণেড আক্ৰমণ চলাইছে।

এই আক্ৰমণৰ ফলত নিৰাপত্তা বাহিনীৰ কমেও পাঁচজন জোৱান আহত হৈছে।

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা অনুসৰি নাকা পাৰ্টিৰ সময়ত নিছাত পাৰ্কৰ ওচৰত এই ঘটনা সংঘটিত হৈছে।

আঘাতপ্ৰাপ্ত জোৱান কেইজনক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

বৰ্তমান আহত জোৱান কেইজন সুস্থিৰ অৱস্থাত আছে বুলি সেনা বাহিনীৰ বিষয়াজনে জানিবলৈ দিয়ে।

অৱশ্যে এই আক্ৰমণ কোনে সংঘটিত কৰিছে এতিয়ালৈকে জানিব পৰা হোৱা নাই।

উল্লেখ্য যে যোৱা কিছুদিন ধৰি জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান তীব্ৰ ৰূপত চলি আছে।

এনে সময়তে সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণে পুনৰ অঞ্চলটোত সংঘৰ্ষ জৰ্জৰ পৰিস্থিতিৰ উকমুকনিৰ আশংকা কৰা হৈছে।

Related News