NORTHEAST NOW (Assamese)
অসম

ছত্তীশগড়ৰ বস্তাৰত আই ই ডি বিস্ফোৰণ ঘটাই নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণ; ৫জোৱান শ্বহীদ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 24, 2021 7:35 am
23naxal

ছত্তীশগড়ৰ বস্তাৰৰ নাৰায়নপুৰ জিলাত মঙলবাৰে আই ই ডি বিস্ফোৰেণেৰে নক্সালবাদীয়ে সুৰক্ষা বাহিনীৰ ওপৰত এক ভয়ংকৰ আক্ৰমণ চলায়। বিস্ফোৰণত ৰিজাৰ্ভ গাৰ্ডৰ ৫জন জোৱান শ্বহীদ হয়। আন ১৪জন জোৱান আহত হৈছে।

দুদিন পূৰ্বেই বস্তাৰৰ জংঘলত দুজন নক্সালবাদী শীৰ্ষ নেতাৰ ৰিজাৰ্ভ গাৰ্ডৰ জোৱানসকলৰ হাতত নিহত হৈছিল।

সেই অভিযানৰ প্ৰত্যুত্তৰতে ওলোটাই এইবাৰ সুৰক্ষা বাহিনীৰ ওপৰত ধাৰাবাহিক বিস্ফোৰণ ঘটাই আক্ৰমণ চলোৱা বুলি অনুমান কৰা হৈছে।

ছত্তীশগড়ৰ আৰক্ষীয়ে জানিবলৈ দিয়ে যে ২৪জন জোৱানৰ এটা দলে নক্সালবাদীৰ বিৰুদ্ধে অভিযান সামৰি বাছত উভতি অহাৰ সময়ত কানহাৰগাঁও আৰু কাদেনাৰ গাঁওৰ মাজত এটাৰ পাছত এটাকৈ তিনিটা আই ই ডি বিস্ফোৰণ ঘটে। বিস্ফোৰণৰ ফলত ৫জন জোৱান শ্বহীদ হয়।

এই ঘটনাত আন ১৪জন জোৱান আহত হয় আৰু ইয়াৰে দুজনৰ অৱস্থা সংকটজনক। তেওঁলোকক ৰায়পুৰলৈ স্থানান্তৰ কৰা হয়। বাকী জোৱানসকল সংকটমুক্ত বুলি কোৱা হৈছে।

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে এই ঘটনাৰ তীব্ৰ নিন্দা কৰিছে। নক্সাসবাদীসকলৰ বিৰুদ্ধে চলা তীব্ৰ অভিযানৰ ফলত হতাশ হৈয়ে এই ঘটনা সংঘটিত কৰা বুলি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক বিবৃতিত কয়।

উল্লেখ্য যে যোৱা বছৰৰ ২১ মাৰ্চৰ পৰা এতিয়ালৈকে নক্সালবাদীসকলে ১৭জন নিৰাপত্তাৰক্ষীক হত্যা কৰিছে।