NORTHEAST NOW (Assamese)

শিৱসাগৰত উচ্চতৰ মাধ্যমিকৰ ফলাফলত ৫গৰাকী ছাত্ৰ-ছাত্ৰীৰ স্থান লাভ

June 25, 2020 8:15 pm · পার্শ্বজোতি গগৈ

আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলা, বাণিজ্য আৰু বিজ্ঞান শাখাত শিৱসাগৰৰ পাঁচ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰে তিনিগৰাকী ছাত্ৰী নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

বাণিজ্য শাখাত শিৱসাগৰ জুনিয়ৰ কলেজৰ ছাত্ৰী মেঘা মজুমদাৰে ৫৫৩ নম্বৰ লাভ কৰি অষ্টম স্থান লাভ কৰাৰ লগতে আমগুৰিৰ অৰুণোদয় একাডেমীৰ পৰা শিৱানুজ বৰকটকীয়ে ৯৪.৮ শতাংশ নম্বৰ লাভ কৰি নৱম স্থান অধিকাৰ কৰে।

ইপিনে শিৱসাগৰৰ নামতিৰ হিমাঞ্জলী বুঢ়াগোঁহাইয়ে বিজ্ঞান শাখাত ৯৫ শতাংশ নম্বৰ লাভ কৰি অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হয়। হিমাঞ্জলীয়ে ৰামানুজন জুনিয়ৰ কলেজত অধ্যায়ণ কৰিছিল।

আনহাতে নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ পৰা এইবাৰ উচ্চতৰ মাধ্যমিৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ কলা শাখাত তৃতীয় আৰু সপ্তম স্থান লাভ কৰে শিৱসাগৰৰ প্ৰিয়াক্ষী বৰা আৰু উদিতা ইশানী কাকতিয়ে।

শিৱসাগৰ জিলাৰ নাজিৰা ধিতাই পুখুৰীৰ জীৱন বৰা আৰু ভাৰতী বৰাৰ কন্যা প্ৰিয়াক্ষী বৰাই সৰ্বমুঠ ৪৭১ নম্বৰ লাভ কৰাৰ বিপৰীতে তেওঁৰ ভাগিনীয়েক ধিতাইপুখুৰী বাকচু কটকী কোঁচ গাঁৱৰ প্ৰয়াত ৰাজু কাকতি আৰু কল্যানী বৰাৰ কন্যা উদিতা ইশানী কাকতিয়ে সৰ্বমুঠ ৪৬৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।

শিৱসাগৰৰ এই পাঁচগৰাকী ছাত্ৰ-ছাত্ৰীৰ সাফল্যত আজি সমগ্ৰ জিলাখনতে আনন্দৰ বন্যা বৈছে।

Related News