NORTHEAST NOW (Assamese)

বঙাইগাঁৱত পাঁচবছৰীয়া শিশু সন্ধানহীন

December 22, 2020 5:16 pm · এন ই নাও নিউজ
সন্ধানহীন হৈ থকা শিশুটো

বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা দ্বিতীয় খণ্ডৰ পৰা এগৰাকী শিশু নিৰুদ্দেশ হোৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে।

৯ বছৰীয়া শিশুটি নিৰুদ্দেশ হোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক।

সোমবাৰে দুপৰীয়াৰ চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত ইমামুল হক নামৰ শিশু গৰাকীয়ে ঘৰৰ পৰা খেলিবলৈ গৈ নিৰুদ্দেশ হয়।

পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰে যদিও এতিয়ালৈকে শিশুটিৰ কোনোধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই পৰিয়ালৰ লোকে।

কোনোবা সদাশয় ব্যক্তিয়ে শিশুজনৰ সন্ধান পালে কোকিলা আৰক্ষী নিৰীক্ষণ চকী নাইবা, স্থানীয় আৰক্ষী চকী নাইবা 6001634728 বা 7086510962 ফোন নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে।

নিৰুদ্দেশ হৈ থকা ইমামুল হক নাম্বাৰপাৰা নিবাসী সহিজ উদ্দিনৰ পুত্ৰ।

ইতিমধ্যে পৰিয়ালৰ লোকে নিৰুদ্দেশ হৈ থকা শিশুটি সন্দৰ্ভত কোকিলা আৰক্ষী নিৰীক্ষণ চকীত এখন এজাহাৰ দাখিল কৰিছে।

Related News