NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাই সংহাৰী ৰূপ ধাৰণ কৰা দেশৰ পৰা এতিয়াও চলি আছে বিমান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 18, 2020 11:20 am
flight

ক’ৰ’না ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ পিছতো য়ুকেৰ বিমান বন্দৰত চলি আছে বিমানৰ উৰণ আৰু অবতৰণ। বিমানৰ সংখ্যা কম যদিও সাংসদসকলক চিন্তিত কৰি তুলিবলৈ এই সংখ্যা এতিয়াও বহু বেছি বুলি শুকুৰবাৰে বৃটেইনৰ বিমান মন্ত্ৰীয়ে কয়।

মন্ত্ৰী গৰাকীয়ে এখন পত্ৰৰ জৰিয়তে কিয় এতিয়াও ইমান সংখ্যক বিমান উৰি আছে বুলি কৰ্তৃপক্ষক প্ৰশ্ন কৰে।

ছ’চিয়েল মিডিয়াত একাংশ লোকে প্ৰশ্ন উত্থাপন কৰি কৈছে যে কিয় এতিয়াও ক’ৰ’না ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰা আমেৰিকা, ইটালী আৰু স্পেইনৰ দৰে দেশৰ পৰা বিমান সেৱা চলি আছে।

এই সন্দৰ্ভত আলিটালিয়াই কয় যে ৰোম আৰু লণ্ডনৰ মাজত দৈনিক চাৰিখন বিমান চলি আছে যদিও যাত্ৰীৰ সংখ্যা অতি নগন্য। কিন্তু লণ্ডনৰ পৰা ৰোম অৰ্থাৎ ইটালীলৈ যোৱা বিমানত ভৰ্তি হৈ থাকে যাত্ৰী।

ইফালে বহু এয়াৰলাইনছে লণ্ডনলৈ কিমান যাত্ৰী কঢ়িয়াই আনিছে তাৰ সবিশেষ তথ্য প্ৰকাশ কৰা নাই।

আনহাতে আমেৰিকান এয়াৰলাইনছে সামাজিক দূৰত্ব বজাই ৰাখি যাত্ৰা কৰাটো সম্ভৱপৰ বুলি মন্তব্য কৰিছে।

উল্লেখ্য যে লণ্ডনৰ হিথ্ৰ’ বিমান বন্দৰত সাধাৰণতে গড় হিচাপত দৈনিক ৬০০ খন বিমানৰ অৱতৰণ হয়, কিন্তু লকডাউনৰ সময়চোৱাত মাত্ৰ ৬০ খন বিমানৰহে অৱতৰণ হৈছে।

এয়াৰলাইনছ য়ুকেৰ মুখ্য কাৰ্যকৰী বিষয়া টিম এল্ডাৰশ্লেডে কয়, ‍‘কোনো লোক চুটীত নাই’। এল্ডাৰশ্লেডৰ গ্ৰুপ বৃটিশ্ব এয়াৰৱেজ, ভাৰজিন এটলাণ্টিক আৰু অন্যান্য য়ুকেস্থিতক প্ৰতিনিধিত্ব কৰে।