NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লিখিত পৰীক্ষা স্থগিত

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ February 27, 2021 4:29 pm
images.jpeg-6

দেওবাৰ অৰ্থাৎ ২৮ ফেব্ৰুৱাৰিত  জনস্বাস্থ্য কাৰিকৰী বিভাগ শিৱসাগৰ সংমণ্ডল অধীনত হ’বলগীয়া ড্ৰাইভাৰ আৰু পিয়নৰ পদৰ লিখিত পৰীক্ষা সাময়িকভাৱে স্থগিত ৰখা হৈছে।

নিৰ্বাচন আয়োগে অসমত বিধান সভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগেই অধিসূচনা জাৰি কৰে।

নিৰ্বাচনৰ অদিসূচনা জাৰি কৰাৰ বাবেই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ শিৱসাগৰ সংমণ্ডলৰ কাৰ্যালয়ৰ বাবে অনুষ্ঠিত হবলগীয়া এটা ড্ৰাইভাৰ আৰু এটা পিয়নৰ পদৰ বাবে লিখিত পৰীক্ষা স্থগিত ৰখা হৈছে বুলি জানিবলৈ দিয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ শিৱসাগৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা গৰাকীয়ে।

দুয়োটা পদৰ লিখিত পৰীক্ষাৰ দিন পৰৱৰ্তী সময়ত প্ৰকাশ কৰা হব বুলি জানিবলৈ দিয়ে কাৰ্যবাহী অভিযন্তা গৰাকীয়ে।