NORTHEAST NOW (Assamese)
Popular Stories

শাম কটা নাই অসমত বানৰ সংহাৰ; মৃতকৰ সংখ্যা ১৫লৈ বৃদ্ধি,বিপদ ৰেখাৰ ওপৰেৰে বৈছে তিনি নৈৰ পানী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 2, 2024 8:49 am

ৰেমালৰ পাছৰ বৰষুণৰ ফলত অসমত সৃষ্টি হোৱা বানপৰিস্থিতি আজিও ক্ষান্ত হোৱা নাই। বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পাইছে। শনিবাৰেও ৰাজ্যত আৰু তিনিজন লোকৰ মৃত্যু হয়।

গাঁৱৰ পাছত গাঁও বানে উটুৱাই লৈ গৈছে অসমত। ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে। শনিবাৰে মানুহৰ উপৰিও ৮৯টা জীৱ-জন্তুও উদ্ধাৰ কৰা হয়। কিন্তু অসমৰ তিনিখন গুৰুত্বপূৰ্ণ নদীৰ পানী এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে। তাত পানীৰ ধাৰ নকমিলে বান পৰিস্থিতিৰ উন্নতি হোৱাৰ সম্ভাৱনা নাই।

শুকুৰবাৰলৈকে বানত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা আছিল ৩ লাখ ৫০ হাজাৰ। শনিবাৰে ছয় লাখৰ সীমা অতিক্ৰম কৰিলে। নগাঁও জিলাত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। কেৱল তাতেই বানপীড়িত লোকৰ সংখ্যা ডেৰ-দুই লাখৰো অধিক। SDRFৰ পৰিসংখ্যা অনুসৰি ৰাজ্যৰ কমেও ১০খন জিলা এতিয়াও বানত ক্ষতিগ্ৰস্ত।

বৰাক অসমৰ অন্যতম গুৰুত্বপূৰ্ণ নদী। যোৱা বৃহস্পতিবাৰৰ পৰা বিপদসীমাৰ ওপৰেৰে বৈ আহিছে নদীখন। ইয়াৰ উপৰিও ব্ৰহ্মপুত্ৰৰ উপনৈ কপিলী, বৰাকৰ উপনৈ কুশিয়াৰাৰ পানীও বিপদ স্তৰৰ ওপৰত।বহু বাট-পথ, দলং আৰু ঘৰ-দুৱাৰ জাহ গৈছে। বিঘাৰ পাছত বিঘা খেতিৰ মাটিও বানৰ ফলত ক্ষতিগ্ৰস্ত হয়।

শনিবাৰে অসমত বানপানীৰ ফলত মৃত্যু হোৱা তিনিজন নতুন লোক কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ বাসিন্দা। এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ দুৰ্যোগ প্ৰশমন বাহিনীৰ সদস্যসকলে দিনে নিশাই উদ্ধাৰ অভিযান চলাই আছে। বহু ঠাইৰ লগত যোগাযোগ হেৰাই গৈছে। ৰেলৰ চলাচলো যথেষ্ট প্ৰভাৱান্বিত হৈছে।

বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ অসম আৰক্ষী আৰু জিলা প্ৰশাসনে গাইডলাইন জাৰি কৰাৰ লগতে কেইবাটাও বাধা আৰোপ কৰিছে। নিশা স্থানীয় লোকৰ চলাচলৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে।

উল্লেখ্য যে, যোৱা মঙলবাৰৰ পৰা অসমত ৰেমালৰ প্ৰভাৱত বৰষুণ আৰম্ভ হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবলৰ পৰা অতি প্ৰচণ্ড বৰষুণ হয়। সেইবাবেই সৃষ্টি হৈছে বান পৰিস্থিতি। ইতিমধ্যে উত্তৰ-পূব ভাৰতত প্ৰৱেশ কৰিছে মৌচুমী।