NORTHEAST NOW (Assamese)

বজালীত পহুমাৰা নৈৰ বানৰ তাণ্ডৱ; দুঠাইত মথাউৰি চিঙি বিস্তীৰ্ণ অঞ্চল প্লাৱিত

July 11, 2020 8:19 pm · শংশাক তালুকদাৰ
ফটো-নৰ্থ-ইষ্ট নাও

বিগত কিছুদিন ধৰি ভূটান পাহাৰ আৰু ইয়াৰ পাদদেশত হোৱা নেৰানেপেৰা বৰষুণ আৰু কুৰিশ্বো জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত ফেনেফুটুকাৰে বাঢ়ি অহা পহুমাৰা নৈৰ পানীয়ে আজি বজালী মহকুমাৰ গহিনপাৰা আৰু পূব কলৰগুৰি গাঁৱত মথাউৰী চিঙি বিস্তৃৰ্ণ অঞ্চল প্লাৱিত কৰি তোলে।

মথাউৰি চিঙি নিয়াৰ ফলত বজালী ৰাজহ চক্ৰৰ অন্তৰ্গত ১০ খন গাঁৱৰ প্ৰায় ২০ হাজাৰ লোক আজি নতুনকৈ বানৰ কবলত পৰিছে।

ৰাতিপুৱাৰ ভাগতে সংঘটিত হোৱা এই আচম্বিত দুৰ্যোগৰ পাছত বজালী মহকুমা আৰু বৰপেটা জিলা প্ৰশাসনে তৎপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে।

এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে এই দুই স্থানত উদ্ধাৰ অভিযান চলাই পানীৰ মাজত আবদ্ধ হৈ থকা ১৩০ জন লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ লগতে ২০ টা পশু ধনকো উদ্ধাৰ কৰে।

জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা জানিবলৈ দি কয় যে বজালী ৰাজহ চক্ৰত স্থাপন কৰা ৮ টা আশ্ৰয় শিবিৰলৈ ক্ষতিগ্ৰস্থ লোক সকলক স্থানান্তৰ কৰি থকা হৈছে।

পহুমাৰা নৈৰ পানী গহিনপাৰাত থকা গড়কাপ্তানী পথৰ ওপৰেৰেও বাগৰি যোৱাত এই পথচোৱাৰো বিস্তৰ ক্ষতি হৈছে আৰু এই পথেৰে যাতায়ত বন্ধ হৈ পৰিছে।

জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীয়ে মথাউৰীটোৰ আন কেতবোৰ স্পৰ্শকাতৰ অঞ্চল সুৰক্ষাৰ বাবে প্ৰচেষ্টা চলাই আছে।

জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ নিৰ্দেশ ক্ৰমে অতিৰিক্ত উপায়ুক্ত সাব্যসাচী কাশ্যপৰ উপৰি বজালী মহকুমাধিপতি নয়নজ্যোতি ভাগৱতীয়ে ক্ষতিগ্ৰস্থ অঞ্চল সমূহত উপস্থিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ তদাৰক কৰি আছে।

ভাগৱতীয়ে জানিবলৈ দিয়া মতে উদ্ধাৰ কাৰ্যত নিয়োজিত কৰাৰ বাবে সেনা বাহিনীকো সষ্টম কৰি ৰখা হৈছে।

বানপানীয়ে কেইবাঠাইতো পথ যাতায়তৰো ক্ষতি সাধন কৰিছে। কাকৰকুৰত দলঙৰ এটা মূৰ খহি গৈছিল যদিও গড়কাপ্তানি বিভাগে তৎপৰতাৰে মেৰামতি কৰিবলৈ সক্ষম হয়।

পানীৰ বাবে  সুহা-শীলা বন্ধ হৈ পৰাত বিকল্প পথেৰে বিভাগে ততাতৈয়াকৈ  দলং সাজি উলিওৱাত যাতায়ত আৰম্ভ কৰা হৈছে।

সমগ্ৰ জিলা খনত পৰহিৰে পৰা পুনৰ আৰম্ভ হোৱা বানত বৰ্তমানলৈ ১,২৮ ৫৩৫ জন লোক আৰু ৭৫ হাজাৰ পশুধন ক্ষতিগ্ৰস্থ হৈছে।

এই লোক সকলৰ বাবে মুঠ ৩৩ টা আশ্ৰয় শিবিৰ স্থাপন কৰাৰ উপৰি আন ৭ টা সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে বুলি জিলা জনসংযোগ বিষয়াই জনাইছে।  ৮০৩৮ হেক্টৰ কৃষিভূমিও বানত বুৰ গৈছে।

Related News