NORTHEAST NOW (Assamese)

বানত বিধ্বস্ত টীয়কৰ মুকালনি; বন্যাৰ্তক সাহায্য প্ৰদান নকৰাৰ অভিযোগ যোৰহাট জিলা ছাত্র সন্থাৰ

June 30, 2020 12:51 pm · নিৰ্মলেন্দু পাঠক
ফটো : নৰ্থ-ইষ্ট নাও

যোৰহাট জিলাৰ টীয়কৰ বানে ধোৱা অঞ্চল মোকালনিত এতিয়া চৰম বিভিষিকা। যোৰহাট-শিৱসাগৰ জিলাৰ সীমামূৰীয়া এই অঞ্চলটো যোৱা চাৰি দিন ধৰি বানৰ কৱলত আচে।

বাঢ়নী পানীয়ে যাতায়াতৰ একমাত্ৰ পথটো বুৰাই পেলোৱাত বহিঃ জগতৰে যোগাযোগৰ একমাত্ৰ উপায় কেৱল এখন নাঁও।

বানপানীত নিজৰ সপোনৰ ঘৰখন পানীত বুৰ যোৱাত সকলো ৰাইজ মথাউৰিৰ ওপৰত সহবাস কৰিব লগা হৈছে গৰু, ছাগলী, গাহৰিৰ সৈতে।

যোৱা চাৰিটা দিন মিচিং সম্প্ৰদায়ৰ অধ্যুষিত অঞ্চলটোৰ প্ৰায়বোৰ ঘৰ পানীৰ তলত আছিল যদিও আজি পানী সামান্য পৰিমাণে হ্ৰাস পাইছে। কিন্তু এতিয়াও বন্যাৰ্তসকল ঘৰলৈ ঘূৰি যাব পৰা নাই।

ইপিনে বানপানীৰ কবলত থকা অঞ্চলটোত প্ৰশাসনে বান সাহায্য যোগান নধৰাৰ অভিযোগ উত্থাপন হৈছে।

বানৰ কবলত সৰ্বস্বান্ত হোৱা একাংশই খাদ্যৰ অভাৱত নিজ সন্তান সকলক কঁঠাল আদি ফল খুৱাই ভোক নিবাৰণৰ চেষ্টা কৰা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ৰাইজৰ এই দুৰ্যোগৰ সময়ত চৰকাৰৰ ভুমিকাক সমালোচনাৰে থকা সৰকা কৰিছে যোৰহাট জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগে।

Related News