NORTHEAST NOW (Assamese)
অসম

Assam Flood উজনিত বানৰ সংহাৰ, টীয়কৰ জাঁজীমুখ বিপদসীমাৰ ওপৰেৰে বাগৰিছে ব্ৰহ্মপুত্ৰৰ পানী

Posted by: এন ই নাও নিউজ,টিয়ক Updated by: এন ই নাও নিউজ,টিয়ক June 18, 2022 4:50 pm
Assam Flood উজনিত বানৰ সংহাৰ, টীয়কৰ জাঁজীমুখ বিপদসীমাৰ ওপৰেৰে বাগৰিছে ব্ৰহ্মপুত্ৰৰ পানী

ৰাজ্যৰ চৌদিশে এতিয়া প্ৰকৃতিৰ সংহাৰ।ভয়াৱহ বানৰ কবলত চৌদিশ হৈ পৰিছে বিধ্বস্ত।মধ্য অসম আৰু নামনি অসমৰ পাছত এতিয়া উজনিতো বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

এয়া টীয়কৰ জাঁজীমুখৰ দৃশ্য। কালিৰে পৰা অভাৱনীয় হাৰত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত বন্ধ কৰি দিয়া হৈছে জাঁজীমুখ পাৰঘাটৰ নাৱৰ চলাচল।

ফলত সম্পুৰ্ণৰূপে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে প্ৰায় ১৫ খন গাঁৱৰ সৈতে। চাপৰিৰ পশুধন সমূহ ওখ স্থানলৈ লৈ আহিছে গো-পালকসকলে।বহু পৰিয়ালৰ ঘৰ-দুৱাৰ ডুব গৈছে বাঢ়নী পানীত।

ইপিনে পাৰঘাটত দলঙৰ অভাৱত এতিয়া স্কুলীয়া ছাত্ৰ- ছাত্ৰীয়ে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’ব লগা হৈছে।

উল্লেখযোগ্য যে উক্ত পাৰঘাটত এখন দলঙৰ বাবে ৰাইজে বছৰ বছৰ ধৰি চৰকাৰক দাবী জনাই আহিছে আৰু শেহতীয়াকৈ ৰাজ্য মুখ্যমন্ত্ৰীগৰাকীয়ে উক্ত স্থানত দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতিও দিছিল যদিও এতিয়াও দলং নিৰ্মাণ নোহোৱাত ৰাইজে অনতি পলমে দলং খন নিৰ্মাণ কৰি দিবলৈ আহ্বান জনাইছে।