NORTHEAST NOW (Assamese)
অসম

লুইতৰ গৰ্ভত জাহ গ’ল বিদ্যালয় : মাটিত বহি, গছৰ তলত পাঠ গ্ৰহণ কণ কণ ছাত্র-ছাত্ৰীৰ

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা August 11, 2019 6:50 am
IMG-20190810-WA0004

গৰমৰ বন্ধৰ আগতে এৰি অহা বিদ্যালয়খন এতিয়া সেই ঠাইত নাই। গৰমৰ বন্ধ খোলাৰ পিছত ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়খন নেদেখি একপ্ৰকাৰ হাহাকাৰ কৰি উঠিল।

বানপানীয়ে লৈ গ’ল মৰমৰ বিদ্যালয়খন। এতিয়া বিদ্যালয়ৰ ঠিকনা লুইতৰ বুকুত।

শ্ৰেণী কোঠাৰ সলনি গছৰ তলত পাঠ গ্ৰহণ ছাত্ৰ-ছাত্ৰীৰ বাবে এক অভাৱনীয় ঘটনা।

তথাপি,আপোন বিদ্যালয়খন হেৰুৱাই গছৰ তলতে পাঠ গ্ৰহণ কৰিছে কণ কণ ছাত্র ছাত্ৰীসকলে।

গোৱালপাৰা জিলাৰ খানখোৱা চৰৰ ৬৮২ নম্বৰ মাজেৰ আলগা ভাটিপাৰা প্ৰাথমিক বিদ্যালয়খন এই বাৰিষাতে ব্ৰহ্মপুত্ৰই গ্ৰাস কৰিলে। সেয়ে এতিয়া গছৰ তলতেই চলিছে পাঠদান।

গৰমৰ বন্ধৰ পূৰ্বে এই বিদ্যালয়খন এখন আটক ধুনীয়া ৰূপত আছিল। কিন্তু গৰমৰ বন্ধৰ সময়ছোৱাতে হোৱা প্ৰলয়ংকাৰী বানৰ লগতে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ছাত্র-ছাত্ৰী সকলৰ অতি মৰমৰ বিদ্যালয়খন উটুৱাই লৈ গ’ল।

বালিজানা শিক্ষা খণ্ডৰ অন্তৰ্গত ৬৮২ নম্বৰ মাজেৰ আলগা ভাটিপাৰা প্ৰাথমিক বিদ্যালয়খনৰ পৰিচয় এতিয়া মুক্ত আকাশৰ তলত।

শিক্ষা জীৱনৰ প্ৰতি এৰাব নোৱাৰা মোহত বন্দী কণ কণ শিক্ষাৰ্থীসকলে এতিয়া মাটিত বহি, গছৰ তলতে পাঠ গ্ৰহণ কৰিছে।

বিদ্যালয়খনত দুগৰাকী শিক্ষক থকাৰ বিপৰীতে ছাত্র-ছাত্ৰীৰ সংখ্যা ১২৫ গৰাকী। প্ৰচণ্ড গৰমৰ মাজতে কিছু সংখ্যক ছাত্র-ছাত্ৰীয়ে গছৰ তলত উপস্থিত হৈ এনেদৰেই এতিয়া পাঠগ্রহণ কৰিছে।