NORTHEAST NOW (Assamese)
অসম

উত্তৰ অভয়াপুৰীত গুৰুতৰ বান পৰিস্থিতি, পঞ্চাশৰো অধিক গাওঁ প্লাৱিত

Posted by: ইয়াছিন আলি Updated by: ইয়াছিন আলি June 27, 2020 9:01 pm
Flood situation grim in Assam's Uttar Abhayapuri

বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিত বান পৰিস্থিতিয়ে গুৰুতৰ ৰূপ ধাৰণ কৰিছে।

সমষ্টিটোৰ প্ৰায় পঞ্চাশখনৰো অধিক গাওঁ প্লাৱিত হৈছে।

আই, মানাহ আৰু পোকালাগী নদীৰ পানীয়ে নতুন নতুন অঞ্চল বুৰাই পেলাইছে।

আই নদীৰ বাঢ়নী পানীয়ে কীৰ্ত্তনপাৰা-ডাঙাইগাওঁ সংযোগী ৰাস্তা বুৰাই পেলাইছে।

মানাহ নদীৰ পানীয়ে নাম্বাৰপাৰা-গোলাপাৰা সংযোগী ৰাস্তাৰ কেইবা ঠাইতো ছিঙি পেলাইছে।

একেদৰে পোকালাগী নদীৰ বাঢ়নী পানীয়ে কেইবাঠাইতো মথাউৰি ছিঙিছে।

নাম্বাৰপাৰা হাইস্কুলত থকা কুৱাৰেণ্টিন চেণ্টাৰত পানী সোমাবলৈ লৈছে।

কোকিলাৰ আৰক্ষীয়ে বিভিন্ন ঠাইত গৈ বান পৰিস্থিতিৰ বুজ লৈছে।

গোলাপাৰা পকীদলং, নাম্বাৰপাৰাৰ কেইবাখনো বিদ্যালয়ত আশ্ৰয় শিৱিৰ স্থাপন কৰা হৈছে।

বন্যাৰ্তই কলগছৰ ভেলাত বয়-বস্তুৰ লগতে পোহনীয়া জীৱ-জন্তু লৈ আশ্ৰয় শিবিৰলৈ ঢাপলি মেলিছে।

পকিব ধৰা ইৰি ধান, মৰাপাট, শাক-পাচলিৰ খেতি পানীত ডুব যোৱাত ৰাইজ ব্যাপক ক্ষতিৰ সম্মুখীন হৈছে।

ঘৰুৱা পুখুৰীবোৰৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱাত মাছ-পুঠি ওলাই গৈছে।

বৰ্তমানো নৈসমূহত পানী বাঢ়িয়ে আছে। নিশাটোৰ ভিতৰত বানপানীয়ে অধিক গুৰুতৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে।