NORTHEAST NOW (Assamese)

বানৰ সংহাৰ অসমত; এতিয়ালৈকে ৮৫ গৰাকীৰ মৃত্যু, ৩৩ লাখ লোক ক্ষতিগ্ৰস্ত

July 15, 2020 11:11 am · এন ই নাও নিউজ
Updated: July 16, 2020 3:58 pm
ইণ্টাৰনেটৰ পৰা সংগৃহীত

ক’ৰ’না ভাইৰাছৰ সংহাৰৰ মাজতেই অসমত বানপানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে। বানৰ ফলত মঙলবাৰৰ দিনটোত ৯ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

ৰাজ্যৰ ২৮ খন জিলাৰ মুঠ ৩৩ লাখৰো অধিক লোক এই দ্বিতীয়টো বানৰ কৱলত পৰিছে। ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই কথা জানিবলৈ দিয়ে।

বিভাগীয় কৰ্তৃপক্ষই জনোৱা অনুসৰি মঙলবাৰৰ দিনটোত ডিব্ৰুগড় জিলাত তিনিজন, তিনিচুকীয়া আৰু বৰপেটা জিলাত দুজন দুজন তথা বিশ্বনাথ আৰু গোলাঘাট জিলাত একোজনকৈ লোকে প্ৰাণ হেৰুৱায়।

উল্লেখ্য যে চলিত বছৰৰ বানত এই পৰ্যন্ত ৮৫ গৰাকী লোকৰ মৃত্যু হৈছে।

মঙলবাৰে হোজাই, ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোনিতপুৰ, ওদালগুৰি, দৰং, বাক্সা, নলবাৰী, বৰপেটা, চিৰং, বঙাইগাঁও, কোকৰাধাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কামৰূপ, মৰিগাঁও, কামৰূপ মহানগৰৰ বিভিন্ন অঞ্চল বুৰাই পেলায়।

ইয়াৰ উপৰি পশ্চিম কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, ডিব্ৰুগড়, চিনিচুকীয়া আৰু কাৰ্বি আংলং জিলাও ভয়াৱহ বানৰ কৱলত পৰিছে।

বানৰ প্ৰভাৱ সৰ্বাধিক পৰিছে বৰপেটা জিলাত। জিলাখনৰ ৫.৫০ লাখ লোক বানৰ কৱলত পৰিছে।

ইয়াৰ উপৰি ধুবুৰীত ৪.১১ লাখ, মৰিগাঁৱৰ ৪.০৮ লাখ লোক, দক্ষিণ শালমাৰাৰ ২.২৫ লাখ লোক বানৰ কৱলত পৰা বুলি চৰকাৰীভাৱে জনাইছে।

ইফালে বানৰ ফলত ৰাজ্যখনৰ ১.২৮ লাখ কৃষি ভুমি ক্ষতিগ্ৰস্ত হৈছে।

Related News