NORTHEAST NOW (Assamese)
অসম

ধেমাজিত স্তব্ধ ৰে’ল যোগাযোগ, জটিল ৰূপ বান পৰিস্থিতিৰ, ক্ষতিগ্ৰস্ত প্ৰায় আধা লাখ লোক

Posted by: প্ৰফুল্ল কামান September 14, 2018 11:07 pm
dhemaji flood

ধেমাজিত শুকুৰবাৰেও উন্নত হোৱা নাই বান পৰিস্থিতি। অৰুণাচলৰ পৰা নামি অহা নৈসমূহৰ বাঢ়নী পানীয়ে চিচিবৰগাঁৱৰ লগতে আটাইতকৈ বিধ্বস্ত জোনাই ৰাজহ চক্ৰৰ নতুন নতুন অঞ্চল ডুবাই পেলাইছে।

জীয়াধলৰ কোবাল সোঁতে জীয়াধল আৰু বৰদলনিৰ মাজৰ এটা কালভাৰ্ট উটাই নিয়াৰ ফলত ৰে’ল যোগাযোগ সম্পূৰ্ণ বন্ধ হৈ পৰিছে। উত্তৰ-পূব সীমান্ত ৰে’লৱে’ৰ এটা দলে ৰে’ল যোগাযোগ পুনৰ আৰম্ভ কৰাৰ বাবে চেষ্টা চলাই আছে যদিও শুকুৰবাৰৰ সন্ধিয়ালৈকে সফল হ’ব পৰা নাই।

ধেমাজিৰ জিলা দুৰ্য্যোগ প্ৰশমন বিভাগৰ তথ্য মতেই এই বানত এতিয়ালৈকে ক্ষতিগ্ৰস্ত হৈছে ১৭৩ খন গাঁৱৰ ৪৭,৪৭১ গৰাকী লোক। বানত জাহ গৈছে ৭১০৮ হেক্টৰ মাটিৰ খেতি।

লগতে পঢ়ক ধেমাজিৰ বান পৰিস্থিতি জটিল

ফেনে-ফোটোকাৰে বাঢ়ি অহা লালি নৈয়ে তাৰি মাজগাঁৱৰ ১টা পুল ভঙাৰ লগতে বুৰাই পেলাইছে বাহিৰ জোনাই, ৰায়াং বিজয়পুৰ, চিগা আৰু গালি চিকাৰী গাওঁ পঞ্চায়তৰ বিস্তীৰ্ণ এলেকা।

গাই নদীৰ পানীয়ে চিচিটঙানী আৰু চিচিবৰগাওঁ অঞ্চলৰ ১৮ খনকৈ গাওঁ। আনহাতে ব্ৰহ্মপুত্ৰৰ পানীয়ে চেঙাজানৰ লগতে বুৰাইছে দক্ষিণ জোনাইৰ ২০ খন গাওঁ।

শুকুৰবাৰে বতৰ ফৰকাল হৈছে যদিও পানী এতিয়াও কমা নাই। জল সম্পদ বিভাগৰ তথ্য মতে ব্ৰহ্মপুত্ৰ এতিয়াও বিপদ সীমাৰ ওপৰেৰে বৈ আছে।