• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধেমাজিত হাহাকাৰ, বানত ক্ষতিগ্ৰস্ত ২০ সহস্ৰাধিক লোক, ধ্বংস ৪ হাজাৰ হেক্টৰ মাটিৰ খেতি

গোগামুখত বানত বুৰি এজনৰ মৃত্যু, অৰুণাচলত অব্যাহত ধাৰাষাৰ বৰষুণ, চিয়াং উপত্যকাৰ জীৱনযাত্ৰাও ব্যাহত

প্ৰফুল্ল কামান by প্ৰফুল্ল কামান
September 13, 2018 11:25 pm
Flood in dhemaji
315
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশত যোৱা ৫ দিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত ফেনে-ফোটোকাৰে বাঢ়ি অহা নৈসমূহৰ পানীত বুৰ গৈছে ধেমাজি জিলাৰ ৩টাকৈ ৰাজহ চক্ৰৰ শতাধিক গাওঁ। ক্ষতিগ্ৰস্ত হৈছে ২০ সহস্ৰাধিক লোক।

‘ধেমাজি, গোগামুখ আৰু জোনাই ৰাজহ চক্ৰৰ ১১৮ খন গাঁৱৰ ২২,৬৮৯ গৰাকী লোক বছৰৰ এই দ্বিতীয়টো বানত ক্ষতিগ্ৰস্ত হৈছে। বানত নষ্ট হৈছে জিলাখনৰ প্ৰায় ৪০৭৮ হেক্টৰ ভূমিৰ কৃষি,’ জিলা দুৰ্য্যোগ প্ৰশমন বিভাগৰ তথ্যত প্ৰকাশ।

আটাইতকৈ ক্ষতিগ্ৰস্ত জোনাই চক্ৰৰ কবুচাপৰি, মুনমুনি চাপৰি, মেচাকি চাপৰি, মুদৈ চাপৰি আদি বিস্তীৰ্ণ এলেকা বুৰাই পেলাইছে চিয়াং, লালি আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে।

জোনাইত ৮১খন গাঁৱৰ প্ৰায় ১১ হাজাৰ লোক এই বানত ক্ষতিগ্ৰস্ত হৈছে।

মহকুমা প্ৰশাসনে জোনাইত ২টা সাহায্য শিবিৰ স্থাপন কৰি সাহায্য সামগ্ৰী বিতৰণ কৰিছে। ‘১৫৩.১৮ কুইণ্টল চাউল, ২৯.৩৭ কুইণ্টল দাইল, ৮.৮১ কুইণ্টল নিমখ আৰু ৩০০ খন তিৰপাল বানাক্ৰান্তৰ মাজত ইতিমধ্যে বিতৰণ কৰা হৈছে,’ প্ৰশাসনীয় সূত্ৰত প্ৰকাশ।

আনহাতে জীয়াধলৰ পানীয়ে বুৰাইছে ধেমাজি ৰাজহ চক্ৰৰ জইৰামপুৰ আৰু লালুকজান অঞ্চল। প্ৰশাসনে বৃহস্পতিবাৰে ধৰ্মপুৰ প্ৰাথমিক বিদ্যালয়ত সাহায্য শিবিৰ মুকলি কৰি দুখন গাঁৱৰ ৩৫৭গৰাকী লোকক আশ্ৰয় প্ৰদান কৰিছে।

গোগামুখ ৰাজহ চক্ৰৰ কমলপুৰ গাঁৱৰ বিজয় তাঁতী নামৰ এজন যুৱকে বৃহস্পতিবাৰে বানত ডুব গৈ মৃত্যুক সাৱটি লৈছে।

গোগামুখত কুমটীয়া নৈৰ পানীয়ে ৩৫ খন গাওঁ বুৰাই পেলাইছে।

ধাৰাষাৰ বৰষুণৰ ফলত ধেমাজিৰ লগতে অৰুণাচল প্ৰদেশৰ চিয়াং উপত্যকাৰ জীৱনযাত্ৰাও ব্যাহত হৈছে।

বৃহস্পতিবাৰে এই বাতৰি পঠোৱাৰ পৰলৈকে বতৰ মুকলি হোৱা নাই।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd