NORTHEAST NOW (Assamese)

জাৰ্মানীত ‘ফ্লায়িং-ভি’ মডেল বিমানৰ প্ৰথমটো উৰণ সম্পৰীক্ষণ সফলতাৰে সম্পন্ন

September 3, 2020 11:42 am · এন ই নাও নিউজ
Updated: September 3, 2020 11:49 am

ডাচ গেৱষকসকলৰ দ্বাৰা নিৰ্মিত ‘ফ্লায়ি-ভি’ মডেলৰ বিমানৰ প্ৰথমটো উৰণ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰা হৈছে জাৰ্মানীত।

উল্লেখ্য যে বিগত বছৰত ডেলফ্ট টেকনিকেল ইউনিভাৰ্চিটিৰ এই প্ৰকল্পটোৱে এই বিমানৰ ওজন কমোৱাৰ পিছত ডাচ ফ্লেগ কেৰিয়াৰ কেএলএমও অংশীদাৰিত্ব হিচাপে আত্মপ্ৰকাশ কৰিছিল প্ৰকল্পটোত।

উৰণ পৰীক্ষণৰ পিছত টি ইউ ডেলফ্টৰ ফ্লাইট পাৰ্ফমেন্স আৰু প্ৰপুলেশ্যন বিভাগৰ মুৰব্বী অধ্যাপক টিম লিডাৰ ৰুলফ ভোছে কয়, “আমি উদ্বিগ্ন হৈ আছিলো যে বিমানখন উঠোতে কিছু অসুবিধা হ’ব পাৰে। কাৰণ পূৰ্বৱতী গণনাত দেখা গৈছিল যে আৱৰ্তনত কিছু সমস্যাই দেখা দিব পাৰে।ল কিন্তু কোনো সমস্যা দেখা নগ’ল।”

অধ্যাপক ভোছৰ মতে এই উৰণ পৰীক্ষণ প্ৰায় সফল হৈছে। পূৰ্ব গণনাৰ মতে বিমানখন উৰণ সম্পীৰক্ষণ সম্পন্ন হৈছে।

পৰৱৰ্তী সময়ত বিমানখনৰ পুনৰ এবাৰ পৰীক্ষামূলক উৰণ সম্পৰীক্ষা কৰা হ’ব বুলি জানিবলৈ দিছে তেওঁ।

উল্লেখ্য যে বিগত বৰ্ষৰ আইএটিএ-ৰ বাৰ্ষিক সাধাৰণ সভাত এই ‘ফ্লায়িং-ভি’ৰ ধাৰণাটো প্ৰথমবাৰ প্ৰচাৰ কৰা হৈছিল।

আৰু ইয়াৰ পিছতে কেএলএম-এ ইয়াৰ উন্নয়নৰ বাবে এক চুক্তিত স্বাক্ষৰ কৰিছিল।

এই বিমানখন A340ৰ তুলনাত ২০% শতাংশ উন্নত দক্ষতাৰ লগতে প্ৰচলিত বিমানৰ তুলনাত ইয়াৰ বায়ুবেগৰ গতি প্ৰায় ১৫%ৰো অধিক। আৰু ইয়াত দুটা শ্ৰেণীত প্ৰায় ৩১৪ গৰাকী যাত্ৰী বহিব পাৰিব।

Related News