NORTHEAST NOW (Assamese)

দিহানামৰ জনক লোক শিল্পী বদন মলিয়া আৰু নাই

March 18, 2022 8:20 pm · এন ই নাও নিউজ, টীয়ক

দিহানামৰ জনক লোকশিল্পী বদন মলিয়া আৰু নাই l টীয়কৰ লাহদৈগড়ৰ মলিয়া গাঁৱৰ নিজা বাসগৃহত ৭৯ বছৰ বয়সত স্বাস্থ্যজনিত কাৰণত আজি জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰিলে শিল্পীগৰাকীয়ে।

তেওঁৰ অমৰ সৃষ্টিৰাজিৰ বাবে বকুল বন বঁটা, টীয়ক গৌৰৱ বঁটাকে ধৰি বিভিন্ন সন্মানেৰে সন্মানিত হৈছিল।

বিশিষ্ট অনাতাঁৰ শিল্পীগৰাকীয়ে ২০১৯ চনত অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰিছিল।

লগতে পঢ়ক: প্ৰকাণ্ড শিলেই যাৰ পৰিচয় সেয়াই বৰশিল; আৰিয়া প্ৰজ্বলনেৰে দৌল উৎসৱ উদযাপন

লোকশিল্পী বদন মলিয়াই বহু টোকাৰী গীত আৰু দিহা নাম ৰচনাৰ লগতে কন্ঠদান কৰি অসমৰ সংস্কৃতি জগতলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে।

শিল্পীগৰাকীৰ মৃত্যুত বৃহত্তৰ টীয়ক তথা অসমৰ শিল্পীসমাজে গভীৰ শোক প্ৰকাশ কৰিছে।

Related News