• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰকাণ্ড শিলেই যাৰ পৰিচয় সেয়াই বৰশিল; আৰিয়া প্ৰজ্বলনেৰে দৌল উৎসৱ উদযাপন

 দেৱজিত ডেকা , চাংসাৰি by দেৱজিত ডেকা , চাংসাৰি
March 18, 2022 6:10 pm
WhatsApp Image 2022-03-18 at 2.04.21 PM

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কামৰূপ জিলাৰ কমল পুৰৰ মদৰতলা মৌজাৰ বৰগাঁৱত অৱস্থিত বৰশিল আশ্ৰম। শিলেই যাৰ পৰিচয় সেয়াই বৰশিল।সৃষ্টিকৰ্তাৰ অপাৰ মহিমা আৰু শক্তিৰ কথা সাধাৰণ মানৱ জাতিয়ে জানো বুজিব পাৰে। সৃষ্টিকৰ্তাৰ ইচ্ছাত উদ্গীৰণ হয় ভূগৰ্ভত থকা বস্তুবোৰ। ওঠৰ শতিকাৰ আগভাগতেই সমান ঠাইৰ এডৰা মাটিত ঐশ্বৰিক শক্তি সম্পন্ন শিলটি সৃষ্টিকৰ্তাৰ বাবেই উদগিৰিত হল বৰগাঁৱৰ স্বৰ্গীয় আদৰু ৰাম কেওতৰ মাটিত। তেতিয়াৰ পৰা যিটো শিল আজিলৈ পৰিচিত হৈ আছে হিন্দু ধৰ্মৰ পূজা থলী হিচাপে।

ঐশ্বৰিক গুণসম্পন্ন শিলটো ক্ৰমশ ডাঙৰ হোৱাৰ লগতে শিলটোত দেখা কেইবাটাও চিহ্নই ভক্ত প্ৰাণ ৰাইজক আকৰ্ষিত কৰিছে।মানুহৰ মাজত লাহে লাহে শিলটোৰ আকাৰ বৃদ্ধিৰ বাবে আলোচনা চলিল।সকলোৱে শিলটোক ভগবানৰ এক অৱদান হিচাপে গ্ৰহণ কৰিলে।

শিলটোৱে মানুহক আকৰ্ষণ কৰাৰ লগে লগে মানুহে ইয়াক নাম দিলে “বৰশিল”। যিমানে শিলটোৰ আকাৰ বৃদ্ধি পালে সিমানেই মানুহৰ শিলটোৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি বৃদ্ধি পালে।শিলটো অৱস্থিত হোৱা ঠাইখিনি চাৰিসীমা পৰ্যবেক্ষণ কৰিলেই দেখা যায় শিলটোৰ পৰা কিছু নিলগত আছে মদনকামদেৱ মন্দিৰ আৰু গোঁপেশ্বৰ দেৱালয়। শিলটোৱে প্ৰকৃতিক আদৰণি জনায় প্ৰাকৃতিক সৌন্দৰ্য বৰ্ধন কৰিছে।

Apply Now

লগতে পঢ়ক: ৰঙে ৰঙে একাকাৰ! দৌল মহোৎসৱ উপলক্ষে লোকে লোকাৰণ্য বৰপেটা সত্ৰ

অনুমেয় ওঠৰ শতিকাৰ মাজভাগত পূব পাৰ মৌজাৰ দালাঙ গাঁৱৰ নিবাসী স্বৰ্গীয় সভা ৰাম দত্তই শিলটোৰ মহত্ব বুজি শিলটোৰ ওচৰতে এখন আশ্ৰম স্থাপন কৰি বসবাস কৰিবলৈ লোৱাত লাহে লাহে দুই চাৰিজন ব্যক্তি শিলটো চাবলৈ যোৱাত শিলটোৰ মহত্ব ক্ৰমশ: বিকশিত হয় আৰু জনসাধাৰণৰ সেৱাৰ স্থলীত পৰিণত হৈছিল।

স্বৰ্গীয় সভাৰাম দত্তৰ পিছতেই আশ্ৰমত থাকিবলৈ ল’লে স্বৰ্গীয় বলৰাম বাবাজীয়ে। বাবাজীয়ে আশ্ৰমত থকা সময়তে শাস্ত্ৰৰ বিষয়ে আলোচনা হোৱাত সাধাৰণ ৰাইজৰ আগতকৈও ধৰ্মৰ প্ৰতি ধাউতি বাঢ়িল। লাহে লাহে আশ্ৰমৰ চাৰিওফালে গছ গছনি ৰোপন কৰাত প্ৰাকৃতিক শোভা বৃদ্ধি পালে। স্বৰ্গীয় বলৰাম বাবাৰ পিছতেই আশ্ৰমখনিৰ দায়িত্ব পালন কৰিলে বৰগাঁও নিবাসী স্বৰ্গীয় ভেহুৱা ডেকা, বিষ্ণু বাবা আদিকে ধৰি কেইবাগৰকীও গণ্য মান্য ব্যক্তিয়ে। সময়ৰ সোঁতত আশ্ৰম খনিৰ আকাৰ বৃদ্ধি হল। টিন চালিৰে নিৰ্মাণ কৰা আশ্ৰম খনি পকী হ’ল। বিষ্ণু বাবাৰ দিনৰে পৰা এই আশ্ৰমক কেন্দ্ৰ কৰি বৰগাঁও আৰু সৰিকত বাসীয়ে হিন্দু ধৰ্মৰ পৱিত্ৰ উৎসৱ শ্ৰী শ্ৰীকৃষ্ণৰ দৌল উৎসৱ পালন কৰিব ধৰিলে। কিন্তু বৰ্তমানে সাৰিকতবাসীয়ে নিজাকৈ এই উৎসৱটি পালন কৰে। লাহে লাহে আশ্ৰমখনিলৈ মানুহৰ ধাউতি বঢ়াত প্ৰতি বৃহস্পতিবাৰে ভাগৱত পাঠ কৰা হৈছিল আৰু আজিও এই নিয়ম পৰম্পৰাগতভাৱে চলি আছে।

Borshil
ফটো: নৰ্থইষ্ট নাও।

আশ্ৰমত উদযাপিত কৰা দৌল উৎসৱৰ আটাইতকৈ মনোৰম দৃশ্যাৱলী হৈছে আৰিয়া প্ৰজ্বলন।মাটিৰ পাত্ৰত আৰিয়া প্ৰজ্বলন সমগ্ৰ অঞ্চলটোত সৰ্বজনবিদিত। অসমৰ বিভিন্ন ঠাইৰ ভক্তই ভিৰ কৰে এই কাৰ্যসূচীত।

শিল সহকাৰে আশ্ৰমখনৰ সৌন্দৰ্য বৰ্ধনত সহায় কৰিছে গছ বিৰিখে। আশ্ৰম খনৰ চাৰিও ফালে মানুহৰ বসতি।এই আশ্ৰমক কেন্দ্ৰ কৰি বৰগাঁৱত সৃষ্টি হ’ল বৰশিল হাইস্কুল, সৰিকত বৰগাঁও মিলন মধ্য ইংৰাজী বিদ্যালয়, বৰশিল গাঁও পঞ্চায়ত আদিকে ধৰি কেইবাটাও ৰাজহুৱা অনুষ্ঠান।শিলটো যিহেতু ওঠৰ শতিকাৰ আৰম্ভণিতে সৃষ্টি হৈছিল শিলটোৰ বয়স প্ৰায় ২০০ বছৰ বুলি অনুমান কৰিব পাৰি ।

লগতে পঢ়ক: ৰাছিয়াৰ ৰকেট আক্ৰমণত নিহত ইউক্ৰেইনৰ জনপ্ৰিয় অভিনেত্ৰী ওকছানা শভেটছ

বৰগাওঁৰ বৰশিল আশ্ৰমত আজিৰে পৰা উদযাপিত হৈছে শ্ৰীকৃষ্ণৰ দৌল উৎসৱ। বৰশিল আশ্ৰম পৰিচালনা সমিতিৰ উদ্যোগত বিগত বছৰকেইটিৰ দৰে এই বেলিও দেৱ চিহ্ন সম্বলিত শিলা খণ্ড শ্ৰী শ্ৰী বৰশিল  আশ্ৰমত বৰগাঁও আৰু নিকটৱৰ্তী আঞ্চলিক ৰাইজে মিলি অনুষ্ঠিত কৰা  আৰিয়া প্ৰজ্বলন কাৰ্যসূচীত আজি প্ৰায় হাজাৰৰো অধিক ভক্তই ভিৰ কৰে। দূৰ-দূৰণিৰ পৰা যুৱতী-মহিলাই একেলগে বহি আৰিয়া প্ৰজ্বলনত অংশ লয়। উক্ত অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে দেৱালয় সংঘৰ সাধাৰণ সম্পাদক কৈলাশ শৰ্মাই।

 দেৱজিত ডেকা , চাংসাৰি

দেৱজিত ডেকা , চাংসাৰি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd