NORTHEAST NOW (Assamese)

ক‍’ৰ’না প্ৰতিৰোধৰ বাবে ‘দিল্লী মডেল’ অনুকৰণ কৰাৰ আহ্বান কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ

August 1, 2020 1:01 pm · এন ই নাও নিউজ

দেশত ভয়াৱহভাৱে ক’ৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাই থকাৰ সময়তে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী জি কিশাণ ৰেড্ডীয়ে ইয়াৰ সংক্ৰমণ ৰোধ কৰিবলৈ সকলো ৰাজ্যকে দিল্লী মডেল অনুকৰণ কৰিবলৈ আহ্বান জনায়।

এই সন্দৰ্ভত তেওঁ কয়, ‍‘মই তেলেংগানা চৰকাৰক অনুৰোধ কৰিছো যে তেওঁলোকে পৰীক্ষা, চিনাক্ত আৰু চিকিৎসাত গুৰুত্ব দিয়ক। তেলেংগানাত পৰীক্ষা বৃদ্ধিৰ আৱশ্যক। যিমানেই বেছি পৰীক্ষা কৰা হ’ব সিমানেই ইয়াৰ সংক্ৰমণ ৰোধ কৰিব পৰা যাব’।

‍‘দিল্লী মডেল’ সম্পৰ্কত তেওঁ কয়, ‍‘আপোনালোকে জানে যে, মই ব্যক্তিগতভাৱে দিল্লী চোৱা চিতা কৰি আছো। ইয়াত আৰোগ্যৰ হাৰ ৮৪ শতাংশ। সকলো ৰাজ্যই দিল্লী মডেল অনুকৰণ কৰাৰ প্ৰয়োজন’।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেলেংগানা ইনষ্টিটিউট অফ মেডিকেল চায়েন্স এণ্ড ৰিচাৰ্ছ ভ্ৰমণত এই মন্তব্য কৰে।

ক’ৰ’না বিৰোধী যুঁজৰ বাবে ভৱিষ্যতে কেন্দ্ৰৰ তৰফৰ পৰা পি পি ই কিট আৰু ভেণ্টিলেটৰ প্ৰয়োজনীয় মাত্ৰাত তেলেংগানালৈ পঠিয়াব বুলি জানবলৈ দিয়ে।

এই ভ্ৰমণৰ সময়ছোৱাত ৰেড্ডীয়ে তেলেংগানা চৰকাৰক স্বাস্থ্যকৰ্মীসকলক গুৰুত্ব প্ৰদান কৰিবলৈও আহ্বান জনায়।

উল্লেখ্য যে কেন্দ্ৰই তেলেংগানাক এই পৰ্যন্ত ১২০০ ভেণ্টিলেটৰ, এন-৯৫ মাস্ক আৰু পি পি ই কিট যোগান ধৰা বুলিও কয়।

Related News