NORTHEAST NOW (Assamese)
অসম

মীৰা বৰঠাকুৰৰ বিদায়! : কলিতে মৰহিব নেকি অজিত ভুঞা নেতৃত্বাধীন আঞ্চলিক গণ মৰ্চা?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 5, 2021 6:05 pm
Mira Borthakur

আনুষ্ঠানিকভাৱে আঞ্চলিক গণ মৰ্চা ত্যাগ কৰিলে নেত্ৰী মীৰা বৰঠাকুৰে।

বিজেপিৰ বেয়া দিনৰ পৰা দলটোক অসমত ধৰি ৰখা মীৰা বৰঠাকুৰে বিজেপিৰ ভাল দিনত বিদ্ৰোহ কৰি ওলাই আহিছিল বিজেপিৰ পৰা।

তাৰ পাছতে কিছুদিন ৰৈ আঞ্চলিক গণ মৰ্চাত যোগদান কৰি মঞ্চখনক সাংসদ অজিত ভুঞা, মনজিৎ মহন্তৰ সমান্তৰালকৈ আগশাৰীৰ পৰা নেতৃত্ব দিছিল মীৰা বৰঠাকুৰে।

আঞ্চলিক গণ মৰ্চাত থাকোতে মীৰা বৰঠাকুৰৰ উদ্দেশ্য আছিল অসমত আঞ্চলিকতাবাদৰ ভেটি সুদৃঢ় কৰা আৰু অসমবাসীক আঞ্চলিকতাবাদী এখন চৰকাৰ উপহাৰ দিয়াৰ স্বাৰ্থত সকলো আঞ্চলিক ৰাজনৈতিক শক্তি একত্ৰিত কৰাৰ। কিন্তু সেয়া এতিয়া অতীত হোৱা দিশে নেকি?

প্ৰায় ৩-৪ মাহে আঞ্চলিক গণ মৰ্চাত নেতৃত্ব দি হয়তো আমুৱালে নাইবা আশাৰ কোনো ৰেঙণি নেদেখিলে নেত্ৰী মীৰা বৰঠাকুৰে!

সেয়েহে যোৱা ২ জানুৱাৰীৰ দিনা ব্যক্তিগত সমস্যাৰ অজুহাত দেখুৱাই আঞ্চলিক গণ মৰ্চাৰ সকলো দায়িত্বৰ পৰা অৱ্যাহতি লয় মীৰা বৰঠাকুৰে।

আঞ্চলিক গণ মৰ্চাৰ সকলো দায়িত্বৰ পৰা কিয় অৱ্যাহতি ল’লে বুলি আমাৰ সাংবাদিকে সুধিছিল মীৰা বৰঠাকুৰক।

তেতিয়া বৰঠাকুৰে কয় ‘আঞ্চলিক গণ মৰ্চাৰ সৈতে মোৰ কোনো মতবিৰোধ হোৱা নাই। যিহেতু সুদীৰ্ঘ দিন ৰাজনৈতিক পটভূমিৰ সৈতে জড়িত আছিলো তথা আঞ্চলিক গণ মৰ্চা যিহেতু কোনো দল নহয়, সকলোকে ঐক্যৱদ্ধ কৰা এখন মঞ্চহে। গতিকে ৰাজনৈতিক সিদ্ধান্ত সোনকালে ল’ম সেয়েহে আঞ্চলিক গণ মৰ্চাৰ পৰা অৱ্যাহতি ল’লো।‘

ইপিনে, এক বিশ্বস্ত সুত্ৰই আমাৰ সাংবাদিকক জনোৱা অনুসৰি অতি শীঘ্ৰে মীৰা বৰঠাকুৰে কংগ্ৰেছত যোগদান কৰিব।

এই সন্দৰ্ভত আমাৰ সাংবাদিকে বৰঠাকুৰক সোধাত তেওঁ কথাটো কিন্তু অস্বীকাৰ নকৰিলে।

তেওঁ কংগ্ৰেছত যোগদান কৰাৰ এক প্ৰকাৰ ইংগিত দি কয় ‘ৰাজনৈতিক মঞ্চ এখন মোক লাগিবই। এতিয়াও চুড়ান্ত হোৱা নাই। বৰ্তমান ভাৰতৰ পৰিস্থিতি বা বিপদ তথা এফালৰ পৰা ৰাজহুৱা সম্পত্তি আদানী-আম্বানিক গতাই দিয়া যিটো চক্ৰান্ত চলিছে তাক ৰুধিবলৈ ডাঙৰ শক্তি এটাৰ নিশ্চয়কৈ প্ৰয়োজন হ’ব।‘

ইপিনে, আঞ্চলিক গণ মৰ্চাই ৰাষ্ট্ৰীয় দলৰ অক্সিজেন লৈ জীয়াই নাথাকে বাবেই মঞ্চৰ পৰা ওলাই অহা বুলি দাবী কৰে বৰঠাকুৰে।

‘সাংসদ অজিত কুমাৰ ভুঞাই আৰম্ভণিৰে পৰা কৈ আহিছিল যে কেতিয়াও ৰাষ্ট্ৰীয় দলৰ অক্সিজেন নলয় বা ৰাষ্ট্ৰীয় শক্তিৰ লগত মিত্ৰতাত নাযায়। ৰাজনৈতিকভাৱে যুঁজ দিবলৈ ৰাজনৈতিক দলত গৈ যুঁজ দিব লাগিব। অন্য ৰাজনৈতিক দলে যিহেতু গ্ৰেণ্ড এলাইন্স মানি নলয় গতিকে আঞ্চলিক গণ মৰ্চাই অকলে কেতিয়াও যুঁজখন চলাই নিব নোৱাৰে।‘ বৰঠাকুৰে লগতে কয়।

কংগ্ৰেছত যোগদানৰ প্ৰসংগতো নুই কৰিব নোৱাৰি বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘সিদ্ধান্ত চুড়ান্ত কৰা নাই যদিও নুই কৰিব নোৱাৰি। ইমান কম দিনৰ ভিতৰত নতুন দল এটা খুলি তৃণমূল পৰ্য্যায়লৈকে বিজেপিক প্ৰতিহত কৰাটো অবাস্তৱ।‘