NORTHEAST NOW (Assamese)
অসম

বিজয়াৰ আশীৰ্বাদ লৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সাজু গুৱাহাটীৰ বিজেপি প্ৰাৰ্থী কুইন ওজা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 22, 2019 6:35 am
ff17403c-63cf-4fd5-94da-b5545c3e90eb

ৰাজ্যজুৰি হোলীৰ আনন্দ-উল্লাসৰ মাজতে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কুইন ওজাই বৃহস্পতিবাৰে পুৱাৰ ভাগত উপস্থিত হয় খ্ৰীষ্টানবস্তিস্থিত বিজয়া চক্ৰৱৰ্তীৰ বাসগৃহত।

সমষ্টিটোৰ বৰ্তমানৰ সাংসদ তথা বৰ্ষীয়ান নেত্ৰী বিজয়া চক্ৰৱৰ্তীক হোলীৰ শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে তথা তেওঁৰ চৰণ চুই আশীৰ্বাদ আশীৰ্বাদ ল’বলৈ কুইন ওজা উপস্থিত হৈছিল বুলি নৰ্থ ষ্ট নাওক জনায়।

‘’হোলী উপলক্ষে বাইদেউক মাত লগাবলৈ গৈছিলো। বাইদেউৱে মোক আশীৰ্বাদ দিছে।‘’ গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছতেই নৰ্থ ইষ্ট নাওক প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কুইন ওজাই এইদৰে কয়।

ইপিনে, হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰা বুলি চৰ্চা চলাত দেহে নাটানিলেও প্ৰাৰ্থীত্ব বিচাৰি আবেদন জনাইছিল বৰ্ষীয়ান নেত্ৰী চক্ৰৱৰ্তীয়ে।

72a0e077-0da2-44c9-863b-bb932c99d44f
হোলীৰ দিনা প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তীৰ ঘৰত বিজেপি প্ৰাৰ্থী কুইন ওজা। ফটো : নৰ্থইষ্ট নাও

তাৰ বিপৰীতে বৰ্তমান দলৰ সিদ্ধান্ত চক্ৰৱৰ্তীয়ে মানি লোৱা বুলি কুইন ওজাই আমাক কয়।

‘’দলে যাক প্ৰাৰ্থিত্ব দিব সেই কথা সকলোৱে মানি ল’ব লাগিব, দলৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত। বিজয়া বাইদেৱে নিশ্চয় মানি লৈছে,‘’-এইদৰে কয় কুইন ওজাই।

তদুপৰি,গুৱাহাটী লোকসভা সমষ্টিৰ পৰা জয়ী হ’ব বুলি দাবী কৰি ওজাই কয়, ‘’মোক টিকট দিয়াৰ কথা শুনি সমৰ্থকখিনি আনন্দিত হৈছে। মই জিকিবলৈয়ে খেলিম।‘’

আনহাতে, ওজা গুৱাহাটীৰ চূড়ান্ত প্ৰাৰ্থী বুলি খবৰ পাই দিচপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা বৃহস্পতিবাৰে পুৱাৰ ভাগতে উপস্থিত হৈছিলগৈ কুইন ওজাৰ ঘৰত। এই কথা নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত উল্লেখ কৰে কুইন ওজাই।

তেওঁ কয়, ‘’মই টিকট পোৱাৰ বাবে বহুত সুখী অতুল বৰা। তেওঁ আনন্দত অধীৰ হৈ পৰিছে। তেওঁৰ সৈতে পুৰণা সম্বন্ধও আছে। তেওঁৰ সৈতে সমষ্টিৰ মানুহবোৰেও মোক সহায় কৰিব।‘’

উল্লেখযোগ্য যে, হাইপ্ৰফাইল গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ পোৱা কুইন ওজাই ২০১৪ চনতহে বিজেপিত যোগদান কৰিছিল। ১৯৮৫ চনৰ পৰা ২০১৪ লৈকে তেওঁ অসম গণ পৰিষদত আছিল আৰু ১৯৯৬-৯৭ চনত গুৱাহাটীৰ মেয়ৰ  হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল।