NORTHEAST NOW (Assamese)

Price Rise সাৰ পালে যোগান মন্ত্ৰী ৰঞ্জিত দাস; উপায়ুক্তৰ কাৰ্য্যালয়ত মূল্যবৃদ্ধিক লৈ বহিলে বৈঠকত

November 16, 2021 3:21 pm · জাহ্নৱী বৰুৱা, গুৱাহাটী
Updated: November 16, 2021 3:28 pm

Price Rise কামৰূপ মহানগৰৰ উপায়ুক্ত কাৰ্যালয়ত মূল্যবৃদ্ধিক লৈ মঙ্গলবাৰে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত উপস্থিত থাকে খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰঞ্জিত দাস।

বৈঠকত উপস্থিত আছিল বিভাগৰ বহু কেইজন শীৰ্ষ পৰ্যায়ৰ বিষয়া।

ৰাজ্যত মূল্য বৃদ্ধিয়ে আকাশ স্পৰ্শ কৰাৰ সমান্তৰালকৈ নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰিছে। এনে পৰিস্থিতিত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উচ্চপদস্থ বিষয়া আৰু জিলা উপায়ুক্তৰ সৈতে মন্ত্ৰী ৰঞ্জিত দাস বৈঠকত মিলিত হৈছে।

বৰ্তমান ৰাজ্যত কিমান খাদ্য সামগ্ৰী মজুত আছে সেই বিষয়েও আলোচনা হৈছে এই বৈঠকত। লগতে, কামৰূপ মহানগৰ জিলা তথা ৰাজ্যখনত চলি থকা চাউল, দাইল, আটা, মিঠাতেল, আলু, পিঁয়াজকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু পাচলিৰ পাইকাৰী আৰু খুচুৰা মূল্যৰ সৈতে জড়িত বিভিন্ন বিষয়ত উপস্থিত বিষয়া তথা প্ৰতিনিধিৰ সৈতে আলোচনা কৰা হয়।

আজিৰ এই এই বৈঠকত উপস্থিত থাকে বিভাগীয় শীৰ্ষ বিষয়া, জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া তথা চেম্বাৰচ অৱ কমাৰ্চকে ধৰি বিভিন্ন ব্যৱসায়িক সংস্থাৰ প্ৰতিনিধি সকল।

ইপিনে, খুচুৰা ব্যৱসায়ীয়ে যাতে অধিক দাম ল’ব নোৱাৰে তাৰ বাবে যোগান বিভাগ কঠোৰ হ’ব বুলি জানিব দিয়ে মন্ত্ৰী ৰঞ্জিত দাসে। ইয়াৰ বাবে গঠন কৰা হ’ব টাস্ক ফৰ্চ আৰু প্ৰতিখন বজাৰত দামৰ পাৰ্থক্যৰ বুজ ল’ব এই টাস্ক ফৰ্চে।

Related News