NORTHEAST NOW (Assamese)
অসম

উত্তৰ-পূবৰ নিৱনুৱা সমস্যা সমাধানত সহায় কৰিব খাদ্য সংসাধন বিভাগে : মন্ত্ৰী তেলী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 6, 2019 7:38 am
Teli-950x570

‘কোনোবা দিনা বিধায়ক, সাংসদ তথা মন্ত্ৰী হ’ম বুলি ভবা নাছিলো। মই এজন অতি সাধাৰণ পৰিয়ালৰ ব্যক্তি। কিন্তু অসম্ভৱ যেন লগা কথা বিলাকক সম্ভৱ কৰি তুলিলে নৰেন্দ্ৰ মোদীয়ে’। মোদীৰ দ্বিতীয় কাৰ্যকালৰ মন্ত্ৰীসভাত স্থান পোৱাৰ পাছত প্ৰথমবাৰৰ বাবে গৃহ সমষ্টিত উপস্থিত হৈ এনেদৰে মন্তব্য কৰে ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্য খাদ্য সংসাধন বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।

মন্ত্ৰী গৰাকীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে ডিব্ৰুগড়ৰ নাট্য মন্দিৰত আয়োজিত অনুষ্ঠানত তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰা বিভাগটো সম্পৰ্কে বহু কথা উল্লেখ কৰে। এই বিভাগটোৱে অসম তথা উত্তৰ-পূবৰ বহু নিৱনুৱাক সংস্থাপিত কৰাৰ পথ প্ৰশস্ত কৰিব।

প্ৰথমবাৰৰ বাবে মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰা তেলীয়ে এই বিভাগটোৰ কাম সূচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা কামনা কৰে।

ইফালে মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত উপস্থিত হোৱাত বিমানবন্দৰতে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, টিংখঙৰ বিধায়ক বিমল বৰাৰ লগতে বিজেপি কৰ্মীসকলে তেলীক উষ্ম আদৰণি জনায়।