NORTHEAST NOW (Assamese)
Popular Stories

বেয়া খবৰ: আৰ্থিক সংকটত পৰি এয়াৰ ইণ্ডিয়াই বিক্ৰী কৰিব ৮০০০ বিধ অমূল্য সম্পদ !

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 5, 2020 5:16 pm
Air-India-1-696x464

ব্যক্তিগত খণ্ডৰ হাতলৈ এই যাওঁ এই যাওঁ হৈ থকা এয়াৰ ইণ্ডিয়াই বিক্ৰী কৰিব পাৰে  ৮০০০ বিধ অমূল্য চিত্ৰ-ভাস্কৰ্য।

আচৰিত কথাটো হ’ল ইয়াৰ ইণ্ডিয়াই বিক্ৰী কৰিবলৈ ওলোৱা এই আপুৰুগীয়া চিত্ৰ-ভাস্কৰ্যৰ কোনো মূল্য নিৰ্দ্ধাৰণ নকৰাকৈয়ে চৰকাৰে এই সম্পদ সমূহ বিক্ৰী কৰিবলৈ ওলাইছে বুলি কথা ওলাইছে।

এয়াৰ ইণ্ডিয়াৰ মুম্বাইত থকা সংগ্ৰহালয়ত সংৰক্ষিত হৈ ৰোৱা এই সম্পদ সমূহৰ ভিতৰত আছে এম এফ হুছেইন,ভি এছ গাইতনৰে, কে এইছ আৰা,কিষেণ খান্না, বি ভিথালি, পি জনকিতান আদি বিশ্ববিখ্যাত ব্যক্তিৰ অনবদ্য সৃস্টি সম্ভাৰ।

অভিযোগ অনুসৰি চৰকাৰে কাৰো সৈতে আলোচনা নকৰাকৈয়ে এনেদৰে এয়াৰ ইণ্ডিয়াৰ সংগ্ৰহালয়ত সংৰক্ষিত হৈ থকা মূল্যবান সম্পদ বিক্ৰী কৰিবলৈ ওলাইছে।

ইতিমধ্যে বিষয়টো সন্দৰ্ভত কৰা তথ্য জনাৰ অধিকাৰ আইনৰ আবেদনৰো কোনো সদুত্তৰ দিয়া নাই এয়াৰ ইণ্ডিয়াই ।

তথ্য জনাৰ অধিকাৰ আইনৰ আবেদনৰ পৰা মাত্ৰ এটা কথাই স্পষ্ট হৈছে যে এয়াৰ ইণ্ডিয়াই মাত্ৰ  কোনো পূৰ্বে নিৰ্দ্ধাৰণ নকৰা দামতে সম্পদ সমূহ বিক্ৰী কৰিবলৈ লৈছে।

ইণ্ডিয়াৰ সংগ্ৰহালয়ত সংৰক্ষিত হৈ থকা শ্ৰীনগৰ বস্ত্ৰও বিক্ৰীৰ যো-জা কৰা হৈছে বুলি জানিব পৰা গৈছে।

এয়া নিঃসন্দেহে  হ’ব পাৰে এটা বেয়া খবৰ।