NORTHEAST NOW (Assamese)
অসম

অপৰিচ্ছন্নতা, অনুজ্ঞাপত্ৰহীনতা, ম্যাদ ওকলা মচলা; ফুড ছেফটি বিভাগে ৭ দিনলৈ বন্ধ ৰাখিব মহানগৰীৰ ৯খন হোটেল

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 13, 2019 10:09 pm
Food Safety Hotels

আজি দুপৰীয়া ফুড ছেফটি পৰিদৰ্শকে গণেশগুৰিৰ কেইবাখনো হোটেল-ৰেষ্টুৰেণ্ট অতৰ্কিতে পৰিদৰ্শন কৰে।

এই অভিযানটোত সামৰি লোৱা কেইবাখনো হোটেলক পৰিষ্কাৰ-পৰিচ্ছন্নতা, অনুজ্ঞাপত্ৰ আদি কাৰণত শাস্তিমূলকভাৱে এসপ্তাহৰ বাবে বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়ে পৰিদৰ্শকে।

অভিযানকাৰী দলটো ফুড ছেফটি পৰিদৰ্শক তৰুণ চন্দ্ৰ দাসৰ নেতৃত্বত গৈছিল।

হোটেলকেইখন ১৪ আগষ্টৰ আবেলিৰ ২ বজাৰ পৰা কাৰ্য্যকৰী হোৱাকৈ ৭ দিনৰ বাবে বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হ’ব বুলি পৰিদৰ্শকজনে জনালে। হোটেলকেইখন হৈছে- দিচাং হোটেল, মন্দাকিনী হোটেল, পায়েল হোটেল, আশীৰ্বাদ হোটেল, ডেলিকেচি হোটেল।

“ডেলিকেচিৰ বাদে আনকেইখন হোটেলত অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত ৰান্ধি গ্ৰাহকক খাদ্য খুৱাই আছে, লগতে খাদ্য সুৰক্ষা বিভাগৰ পৰা দিয়া অনুজ্ঞা পত্ৰ এখনৰো নাই”, পৰিদৰ্শক দাসে নৰ্থ-ইষ্ট নাওক জনায়।

আনহাতে ডেলিকেচি হোটেলে পুৰণি ম্যাদ ওকলা মচলা ব্যৱহাৰ কৰাৰ প্ৰমাণ পায় অভিযানকাৰী দলটোৱে।

বিখ্যাত লখিমী হোটেলতো পৰিদৰ্শন কৰা হৈছিল যদিও হোটেলখনৰ সৰু-সুৰা অপৰিচ্ছনতাৰ সমস্যা থকাৰ বাদে অন্য নাই বুলি জনালে পৰিদৰ্শক দাসে। হোটেলখনৰ কৰ্তৃপক্ষই এই অপৰিচ্ছনতাও দূৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

ইপিনে অভিযানকাৰী দলটোৱে ৰিহাবাৰী আৰু ভৰলুৰ কেইখনমান হোটেলতো অতৰ্কিত অভিযান চলায়।

ৰিহাবাৰীৰ হোটেল চিটি হাৰ্টত গ্ৰাহকৰ অভিযোগৰ ভিত্তিত অভিযান চলোৱা হৈছিল আৰু তাৰ পাকঘৰটো অত্যন্ত লেতেৰা পোৱা গৈছে।

ভৰলুৰ তিনিখন হোটেল ক্ৰমে মেছাৰ্ছ চাহা হোটেল, মা-কালী হোটেল, এন চি আৰ চি হোটেলতো অভিযান চলোৱা হয়। অভিযান কালত অতিকৈ অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত খাদ্য প্ৰস্তুত কৰি আছিল। এই আটাইকেইখন হোটেলৰে খাদ্য সুৰক্ষা বিভাগৰ লাইচেন্স নাই।

ৰিহাবাৰীৰ চিটি হাৰ্ট আৰু ভৰলুৰ হোটেলকেইখনকো সাত দিনৰ বাবে বন্ধ ৰখাৰ জাননী প্ৰেৰণ কৰিব ফুড ছেফটি বিভাগে, পৰিদৰ্শক দাসে জনালে।