NORTHEAST NOW (Assamese)
অসম

চকুৰ সন্মুখতে পত্নীক ‘দলবদ্ধ ধৰ্ষণ’! অপমানত একেলগে বিহ সেৱন কৰি মৃত্যু সাৱটিলে দম্পতীয়ে

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী September 24, 2023 9:13 am

ঘৰত সোমাই পত্নীক দলবদ্ধ ধৰ্ষণ কৰে, মৌন দৰ্শক হিচাপে থিয় হৈ থাকিবলগীয়া হ’বলগীয়া হ’ল স্বামীয়ে। এই অপমান সহ্য কৰিব নোৱাৰিলে দুয়োজনে। লৈছিল একেলগে বিষ খোৱাৰ সিদ্ধান্ত। যিদৰে ভাবিছিল, তেনেদৰে কৰিলেও। স্বামী-স্ত্ৰীয়ে একেলগে বিষ সেৱন কৰিলে। ইজনৰ পিছত সিজনে মৃত্যুক সাৱটি ল’লে।

কিন্তু তাৰ আগতে দম্পতীহালে মোবাইলত এটা ভিডিঅ’ ৰেকৰ্ডিং কৰিছিল। সেই ভিডিঅ’টোত তেওঁলোকে দলবদ্ধ ধৰ্ষণৰ অভিযুক্তৰ নাম আৰু মহিলাগৰাকীৰ ওপৰত কৰা ক’ব নোৱাৰা নিৰ্যাতনৰ কথা উল্লেখ কৰিছিল।

উত্তৰ প্ৰদেশৰ বস্তি জিলাত সংঘটিত হৈছে এই কৰুণ ঘটনা। আৰক্ষীৰ তথ্য অনুসৰি ভিডিঅ’টোৰ আধাৰত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

লগতে পঢ়ক: জয় গুৰু শংকৰ, সৰ্বগুণাকৰ: আজি শংকৰদেৱৰ আবিৰ্ভাৱ তিথি, গুৰুভক্তিৰে মুখৰিত ৰাজ্য

জানিব পৰা মতে, বস্তি জিলাৰ ৰুধৌলী থানাৰ অন্তৰ্গত অঞ্চলটোত এই দম্পতীহালে বাস কৰিছিল। তেওঁলোকৰ তিনিটা সন্তানো আছে। যোৱা ২০ ছেপ্টেম্বৰৰ নিশা গাঁৱৰ কেইজনমান যুৱকে হঠাতে ঘৰটোত আক্ৰমণ চলাইছিল। মহিলাগৰাকীক বলপূৰ্বকভাৱে ধৰ্ষণ কৰে। পত্নীৰ ওপৰত কৰা নৃশংস নিৰ্যাতনৰ সাক্ষী হ’বলৈ বাধ্য কৰা হয় স্বামীক।

এই ঘটনাত দম্পতীহালে মান সিকভাৱে বিধ্বস্ত হৈ পৰে। একেলগে আত্মহত্যা কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ পিছত বৃহস্পতিবাৰে পুৱা দুজনেই বিষ সেৱন কৰে।

দম্পতীহালৰ সন্তানে জনোৱা মতে, শুকুৰবাৰে পুৱা তেওঁলোকে স্কুললৈ যাবলৈ সাজু হওঁতে পিতৃ-মাতৃক শুই থকা অৱস্থাত দেখা পায়। সোধাত তেওঁলোকে কয় যে তেওঁলোক দুয়োজনে বিষ সেৱন কৰিছে। সোনকালেই মৃত্যুমুখত পৰিব। ইয়াৰ পিছত আঠ বছৰীয়া ল’ৰাটোৱে দৌৰি গৈ ওচৰ-চুবুৰীয়াক খবৰ দিয়ে। পিছত তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও সেইদিনাই লোকজনৰ মৃত্যু হয়। পিছদিনা তেওঁৰ পত্নীৰো মৃত্যু হয়।

লগতে পঢ়ক: পিন্ধনত খাকী শাৰী আৰু কুৰ্তা: এছিয়ান গেমছৰ উদ্বোধনী অনুষ্ঠানত পতাকা কঢ়িয়ালে লাভলীনা-হৰমনপ্ৰীতে

আৰক্ষীৰ মতে, আত্মহত্যাৰ পূৰ্বে দম্পতীহালে এটা ভিডিঅ’ ৰেকৰ্ডিং কৰিছিল, য’ত দলবদ্ধ ধৰ্ষণ কাণ্ডৰ অভিযুক্তৰ নাম উল্লেখ কৰা হৈছিল। তেওঁলোকৰ বক্তব্যৰ ভিত্তিত শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত দুজন যুৱকক। তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ (দলবদ্ধ ধৰ্ষণ) আৰু ৩০৬ ধাৰা (আত্মহত্যাৰ প্ৰৰোচনা)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।