• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জয় গুৰু শংকৰ, সৰ্বগুণাকৰ: আজি শংকৰদেৱৰ আবিৰ্ভাৱ তিথি, গুৰুভক্তিৰে মুখৰিত ৰাজ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 24, 2023 6:58 am
198
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

         জয় গুৰু শংকৰ সৰ্ব্ব গুণাকৰ

             জাকেৰি নাহিকে উপাম।

Apply Now

          তোহাৰি চৰণে ৰেণু শত কৌটি

              বাৰেক কৰোহোঁ প্ৰণাম।।

আজি অসমীয়া জাতিৰ প্ৰাণ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম তিথি। গুৰুজনাৰ অমিয় গুণানুকীৰ্ত্তনেৰে আজি ৰাজ্যৰ আকাশ-বতাহ মুখৰিত হ’ব। অসমীয়া সমাজ-সংস্কৃতিৰ ভেটি গঢ়োতা, জাতীয় জীৱনৰ চিৰস্মৰণীয় যুগপুৰুষগৰাকীৰ জন্মোৎসৱ ৰাজ্যজুৰি উদযাপন কৰিব ভকত-বৈষ্ণৱ তথা শংকৰৰ আদৰ্শৰে অনুপ্ৰাণিতসকলে।

এক কাল সন্ধিক্ষণত ১৪৪৯ খ্ৰীষ্টাব্দত নগাঁৱৰ বৰদোৱাৰ আলিপুখুৰীত জন্ম লভিছিল শ্ৰীমন্ত শংকৰদেৱে। নৱ বৈষ্ণৱ আন্দোলনেৰে অসমীয়া সমাজক এক ন পথৰ সন্ধান দিয়া মহাপুৰুষগৰাকীয়ে ধৰ্ম প্ৰচাৰৰ অচিলাৰেই অসমীয়া সমাজত এক সংস্কাৰবাদী আন্দোলনৰো সূচনা কৰে।

অন্ধবিশ্বাস, কুসংস্কাৰ, জাতি বিদ্বেষ, ধৰ্মীয় বিভেদৰ কাঠামোত আঘাত সানি গুৰুজনাই সমৃদ্ধ কৰি তোলে অসমীয়া জাতিক। বৰগীত, ভটিমা, কীৰ্তন-দশম, নাট-ভাওনা, নামঘৰ আদিৰ দ্বাৰা অসমীয়া জাতিৰ সাহিত্য-সংস্কৃতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰি শংকৰদেৱে গঢ়ি গৈছে অসমীয়া জাতিৰ পৰিচয়।

‘কুকুৰ শৃগাল গৰ্দ্দভৰো আত্মাৰাম৷ জানিয়া সৱাকো পৰি কৰিবা প্ৰণাম৷৷’- এয়াই আছিল মহাপুৰুষগৰাকীৰ চিন্তন তথা দৰ্শন। এই চিন্তনেৰেই অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ সেতু সাজি, উচ্চ-নীচ ভেদাভেদৰ অৱসান ঘটাই একতাৰ ডোলেৰে বান্ধি গৈছে অসমীয়া জাতিক।

একেধাৰে ধৰ্ম প্ৰচাৰক, সমাজ সংস্কাৰক, সমাজ সংগঠক, সুগায়ক, অভিনেতা, কবি, চিত্ৰকৰ লগতে অসমীয়া জাতি-সাহিত্য-সংস্কৃতিৰ নিৰ্মাতা সৰ্বগুণাকৰ শংকৰদেৱে স্বকীয় মহিমাৰে উদ্ভাসিত কৰি গৈছে অসমীয়া সমাজ জীৱনক। শংকৰদেৱৰ আদৰ্শৰ ভেটিতে থিত লৈ আছে অসমীয়া জাতিৰ শাহ।

গুৰুজনাৰ সন্দৰ্ভত জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল, “আজিলৈকে অসমীয়াক অসমীয়া কৰি থৈছে কোনে? আমাক আজি অসমীয়া বুলি আমাৰ জাতীয় সভ্যতা-সংস্কৃতিৰে বিশিষ্টভাৱে এটা প্ৰগতিশীল জাতিকৈ ৰাখি থৈ যাওঁতা, অসমীয়া সংস্কৃতি সৃষ্টি কৰি দিওঁতা, অসমীয়া সুকুমাৰ কলাক এটা নিজস্ব বৈশিষ্ট্য দি থৈ যাওঁতা, অসমীয়া সামাজিক জীৱনক এটা বিশিষ্ট গঢ় দি যাওঁতা, অসমত সাংস্কৃতিক ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰি থৈ যাওঁতা, অসমীয়া জীৱনৰ মহা কলাকাৰ শিল্পীৰো শিল্পী মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ।”

সেইদৰে বিষ্ণুপ্ৰসাদ ৰাভাই কৈছিল, “শ্ৰীমন্ত শঙ্কৰদেৱ গুৰু অসমীয়াৰ প্ৰাণ। আজি শ্ৰীমন্ত শঙ্কৰদেৱৰ যিকোনো কৃষ্টি বা সাহিত্য বাদ দিলে অসমীয়াৰ মৃত্যু হ’ব। শ্ৰীমন্ত শঙ্কৰদেৱে কিনো নাজানিছিল আৰু কিনো নিদিছিল! অসমীয়াক তেওঁৱেই সকলো দি গৈছিল।”

অসমীয়া জাতিৰ জনক, জাতীয় জীৱনৰ শাহ- প্ৰাণপুৰুষ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহান আদৰ্শতেই পৰিবাহিত হৈ আছে অসমীয়া জাতিৰ পৰিচয়। সাম্প্ৰতিক সময়ৰ ধৰ্মীয়-জাতিগত বিদ্বেদ-উন্মাদনাৰ কৰাল গ্ৰাসত কোঙা হোৱা সমাজখনত অসমীয়া জাতিৰ ত্ৰাণকৰ্তাৰ ৰূপত সদায়ে জিলিকি আছে গুৰুজনাৰ মহান আদৰ্শ। পবিত্ৰ আবিৰ্ভাৱ তিথিত শংকৰ গুৰুজনাক সশ্ৰদ্ধ প্ৰণিপাত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd