‘অধিকাৰৰ আন্দোলনৰ ওপৰত চৰকাৰী দমন আৰু আইনৰ অপপ্ৰয়োগ: আইনী দিশ আৰু অসমৰ ভূমি অধিকাৰৰ সংগ্ৰাম’ শীৰ্ষক বিষয়ক লৈ শনিবাৰে গুৱাহাটীত এখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত কৰে ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিয়ে। বৰ্তমান সময়ত দেশজুৰি গণতান্ত্ৰিক অধিকাৰৰ আন্দোলনসমূহৰ লগতে অসমৰ ভূমি অধিকাৰ আন্দোলনটোৱেও এক জটিল আৰু প্ৰত্যাহ্বানপূৰ্ণ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সময়তে এই আলোচনা চক্ৰখন বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।
আলোচনা চক্ৰত বিষয়বস্তুৰ বিশ্লেষক হিচাপে অংশগ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ আৰু ভূমি অধিকাৰ আন্দোলনৰ নেতা প্ৰণৱ দলে, আদিত চন্দ্ৰ ৰাভা তথা চিকাৰী ৰংপিয়ে। বিশ্লেষকসকলে একেমুখে অভিযোগ কৰে যে চৰকাৰী পৃষ্ঠপোষকতাত কৰ্প’ৰেট পুঁজিৰ হেঁচা আৰু তেওঁলোকৰ অনুকূলে প্ৰস্তুত কৰা আইনসমূহৰ জৰিয়তে অসমত বিভিন্ন প্ৰকল্প ৰূপায়ণৰ প্ৰস্তুতি চলোৱা হৈছে। ইয়াৰ ফলত অসমৰ খাটিখোৱা লোকসকল নিজৰ মাটি-ভেটিৰ পৰা উচ্ছেদ হ’বলগীয়া হৈছে বুলি তেওঁলোকে উল্লেখ কৰে। লগতে চৰকাৰৰ বিৰুদ্ধাচৰণ কৰাসকলৰ ওপৰত দমন চলাই আন্দোলনৰ নেতৃত্বক অবৈধভাৱে কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে বুলি অভিযোগ তুলি আলোচনাত কোৱা হয় যে চৰকাৰৰ এনে দমনমূলক নীতিৰ চিকাৰ হৈছে স্বয়ং প্ৰণৱ দলে, চিকাৰী ৰংপি আৰু আদিত চন্দ্ৰ ৰাভা।
আলোচনা চক্ৰত উল্লেখ কৰা হয় যে ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিয়ে চৰকাৰৰ এনে জাতিবিৰোধী আৰু সংবিধানবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে নিৰৱচ্ছিন্নভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। সময়ৰ তাগিদালৈ লক্ষ্য ৰাখি গণতান্ত্ৰিক অধিকাৰৰ আন্দোলনসমূহৰ প্ৰতি চৰকাৰে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ বিৰুদ্ধে সকলো স্তৰৰ নাগৰিকৰ ব্যাপক অংশগ্ৰহণ আৰু ঐক্যবদ্ধ সংগ্ৰাম এতিয়া অতি জৰুৰী হৈ পৰিছে বুলি সভাত মত প্ৰকাশ কৰা হয়। আলোচনা চক্ৰত বিভিন্ন ৰাজনৈতিক তথা অৰাজনৈতিক দল-সংগঠনৰ প্ৰতিনিধিবৰ্গ উপস্থিত থাকে।





