NORTHEAST NOW (Assamese)

বৰ্ণবিদ্বেষী মন্তব্যই কৰা মানসিক আঘাটৰ বাবে সামাজিক মাধ্যম এৰিব ফ্ৰান্সৰ তাৰকা ফুটবলাৰে

March 27, 2021 8:45 am · এন ই নাও নিউজ
Updated: March 27, 2021 8:51 am

বৰ্ণবিদ্বেষৰ বাবে সামাজিক মাধ্যম ত্যাগ কৰিব এগৰাকী তাৰকা ফুটবলাৰে।

ফ্ৰান্সৰ বিশ্বকাপবিজয়ী ষ্ট্ৰাইকাৰ থিয়ৰী হেনৰীয়ে শুকুৰবাৰে কয়  সামাজিক মাধ্যমত তেওঁক উদ্দেশ্যি কৰা বৰ্ণবিদ্বেষী মন্তব্যৰ বাবে তেওঁ ফেচবুক, ইনষ্টাগ্ৰাম আৰু টুইটাৰ শনিবাৰে ত্যাগ কৰিব।

হেনৰীৰ সামাজিক মাধ্যমসমূহৰ ফলোৱাৰ্ছৰ সংখ্যা ১৫ মিলিয়ন।

তেওঁ কয় যে সামাজিক মাধ্যমসমূহে এনেধৰণৰ বৰ্ণবিদ্বেষী মন্তব্যৰ বাবে মন্তব্যকাৰীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা লোৱাটো প্ৰয়োজন।

উল্লেখযোগ্য যে হেনৰী এগৰাকী কৃষ্ণাংগ ফুটবলাৰ আৰু ফ্ৰান্সৰ আটাইতকৈ বেছি গ’ল কৰা ফুটবলাৰো এই হেনৰী।

ফ্ৰান্সৰ হৈ তেও ১৯৯৭ৰ পৰা ২০১০  চনলৈকে  ১২৩খন আন্তঃৰাষ্ট্ৰীয় ফুটবল মেচত তেওঁ কৰিছিল ৫১টাকৈ গ’ল।

১৯৯৯ চনৰ বিশ্বকাপবিজয়ী ফ্ৰান্সৰ দলটোৰো তেওঁ এজন সদস্য আছিল।

তদুপৰি ইউৰোপৰ আগশাৰীৰ ফুটবল ক্লাব জুভেণ্টাছ, আৰ্চেনাল, বাৰ্চিলোনাৰ হৈও তেওঁ তাৰকা ফুটবলাৰ হিচাপে মেচ খেলিছিল।

তেওঁৰ ছালৰ ৰঙক লৈ এজন অচিনাক্ত লোকে সামাজিক মাধ্যমত কৰা আপত্তিকৰ মন্তব্য আৰু মানসিক হাৰাশাস্তিৰ পাছতো সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো ব্যৱস্থা নোলোৱাৰ প্ৰতিবাদত তেওঁ সামাজিক মাধ্যম ত্যাগ কৰিব বুলি কয়।

আনহাতে, যোৱা মাহত ইংলেণ্ডৰ ফুটবল পৰিচালনা সমিতিয়েও কৈছিল যে টুইটাৰ, ফেচবুক আৰু ইনষ্টাগ্ৰাম হৈছে তিৰস্কাৰৰ ৰম্যভূমি আৰু ইয়াৰ বাবে সামাজিক মাধ্যম কম্পেনীসমূহে ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজন।

 

Related News