NORTHEAST NOW (Assamese)
Popular Stories

বন্যাৰ্তৰ খবৰ ল’বলৈ যোৱা বিধায়কৰ গালৈ দলিয়ালে চেণ্ডেল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 16, 2020 10:50 am

তেলেংগানাত অতিবৃষ্টিৰ ফলত হোৱা বানে লোকসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে এগৰাকী জনপ্ৰতিনিধি বন্যাৰ্তৰ ৰোষত পৰা বুলি জানিব পৰা গৈছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে বিধায়ক মনচীৰেড্ডী কিশন ৰেড্ডীয়ে বানাক্ৰান্ত ৰাইজৰ খবৰ ল’বলৈ যাওতে ক্ষুব্ধ জনতাই বিধায়কৰ গালৈ চেণ্ডেল দলিয়াই আৰু বিধায়কৰ গাড়ীখন লণ্ড-ভণ্ড কৰে।

বৃহস্পতিবাৰে ইবৰাহিমপটনমৰ বিধায়ক ৰেড্ডীয়ে টি আৰ এছৰ নেতা-কৰ্মীসকলৰ সৈতে মেডিপলী অঞ্চল পৰিভ্ৰমণ কৰিবলৈ গাছিল আৰু তেতিয়াই এই ঘটনাটো সংঘটিত হয়।

অতিবৃষ্টিৰ ফলত হোৱা বানে লোকসকলক যথেষ্ট সমস্যাত পেলাইছে। বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকল ক্ষুব্ধ হৈ আছিল আৰু বিধায়কে দলৰ অন্য কৰ্মকৰ্তাৰ সৈতে খবৰ ল’বলৈ যোৱাত অঞ্চলবাসীয়ে চেণ্ডেলেৰে আক্ৰমণ কৰি মনৰ ক্ষোভ আঁতৰ কৰে।

তথ্য অনুসৰি লোকসকলে বিধায়কৰ গাড়ীতো আক্ৰমণ কৰিছে। এই ঘটনা পোহৰলৈ অহাত দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে অতিবৃষ্টি আৰু বানৰ ফলত তেলেংগানা ৰাজ্যৰ প্ৰায় ৫০০০ কোটি টকাৰ লোকচান হোৱা বুলি মুখ্য মন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওে জানিবলৈ দিয়ে।

এই সংকটৰ সৈতে যুঁজিবলৈ তেলেংগানাক ১,৩৫০ কোটি টকা প্ৰদান কৰিবলৈ মুখ্য মন্ত্ৰীগৰাকীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক পত্ৰৰ জৰিয়তে অনুৰোধ জনাইছে।

বৃহস্পতিবাৰৰ নিশাৰ তথ্য অনুসৰি তেলেংগানাত অতিবৃষ্টিৰ ফলত হোৱা বানপানীত ৫০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।