NORTHEAST NOW (Assamese)
অসম

কঠোৰ চৰকাৰ! মাস্ক নিপিন্ধাকৈ বাহিৰলৈ ওলালেই ২১হাজাৰ টকা জৰিমনা দেশখনত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 16, 2020 10:30 am
bosnia

কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে য়ুৰোপৰ কেইবাখনো দেশে আপ্ৰাণ চেষ্টা চলাইছে। ইয়াৰ ভিতৰত বছনিয়া অন্যতম।

দেশখনত লোকসকলে ঘৰৰ পৰা বাহিৰলৈ ওলালেই মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ঘোষণা কৰিছে দেশখনৰ চৰকাৰে।

বছনিয়াত দৈনিক সংক্ৰমণৰ সংখ্যা সৰ্বাধিক হোৱাৰ দিনটোতেই যোৱা বুধবাৰে চৰকাৰে এইদৰে মাস্ক পৰিধান বাধ্যতামূলক কৰি নিৰ্দেশনা জাৰি কৰিছে।

দুই দশক পূৰ্বে যুদ্ধ বিধ্বস্ত বছনিয়া য়ুৰোপৰ অন্যতম দৰিদ্ৰ দেশ হিচাপে পৰিচিত হৈ পৰাৰ পাছত এইবাৰ কৰ’নাৰ সংহাৰৰ বাবে শংকিত হৈ পৰিছে।

স্বাভাৱিকতেই দেশখনৰ স্বাস্থ্য ব্যৱস্থাৰ ওপৰত প্ৰবল চাপৰ সৃষ্টি হৈছে।

দেশখনত কৰ’না সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাই অহাৰ সময়তো জনসাধাৰণে সামাজিক দূৰত্ব, মাস্ক পৰিধান কৰা আদি বিষয়ত গুৰুত্ব নিদিয়াৰ বাবেই চৰকাৰ প্ৰশাসন কঠোৰ হৈ পৰিছে।

চৰকাৰে সেয়েহে, মাস্ক পৰিধান নকৰা লোকসকলৰ বিৰুদ্ধে জৰিমনা বিহাৰ কথা ঘোষণা কৰিছে।

চৰকাৰে ইয়াৰ বাবে ২৫০ৰ পৰা ৭৫০য়ুৰো জৰিমনাৰ পৰিমান ধাৰ্য কৰিছে। ভাৰতীয় মুদ্ৰাত ইয়াৰ পৰিমান হ’ব ২১হাজাৰ টকাৰ পৰা প্ৰায় ৬৪হাজাৰ টকা।

বিশেষজ্ঞসকলে প্ৰায়েই কৈ আহিছে যে কৰ’না সংক্ৰমণ ৰোধ কৰিবলৈ হ’লে মাস্ক পৰিধান কৰা আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰাটো অত্যন্ত জৰুৰী। অন্তত: ভেকচিন যেতিয়ালৈকে সুলভ নহয়, তেতিয়ালৈকে এইটোৱেই কৰ’না বিৰুদ্ধে যুঁজৰ একমাত্ৰ বিকল্প আহিলা।