প্ৰথমবাৰৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে অপাৰেচন সিন্দুৰত শ্বহীদ হোৱা ৬গৰাকী জোৱানৰ নাম
যোৱা বছৰ জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতে পাকিস্তানত বাহৰ পাতি থকা সন্ত্ৰাসবাদীৰ ঘাটিৰ বিৰুদ্ধে চলাইছিল অপাৰেচন সিন্দুৰ। এই সামৰিক অভিযানত শ্বহীদ হোৱা ভাৰতীয় সেনাবাহিনীৰ পাঁচগৰাকী আৰু বিমান বাহিনীৰ এগৰাকী জোৱানৰ নাম প্ৰথমবাৰৰ বাবে চৰকাৰে আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰিছে।
দেশৰ মাতৃভূমিৰ হৈ প্ৰাণ আহুতি দিয়া এই বীৰ শ্বহীদ ছগৰাকী হৈছে ১০ ইনফেণ্ট্ৰি ব্ৰিগেডৰ মুখ্য কাৰ্যালয়ৰ চুবেদাৰ মেজৰ পৱন কুমাৰ, ৪ জম্মু-কাশ্মীৰ লাইট ইনফেণ্ট্ৰিৰ বীৰ চক্ৰ সন্মানেৰে সন্মানিত ৰাইফলমেন সুনীল কুমাৰ আৰু ৫ ফিল্ড ৰেজিমেন্টৰ লেন্স নায়ক দীনেশ কুমাৰ। ইয়াৰ লগতে এই তালিকাত আছে ৮৫১ লাইট ৰেজিমেন্টৰ এভিয়েচন টেকনিচিয়ান মুড মুৰলীনাইক, ২৩৭ ফিল্ড ৱৰ্কশ্বপ কোম্পানীৰ হাৱিলদাৰ সুনীল কুমাৰ সিং আৰু ৩৯ উইঙৰ বায়ু সেনা পদকপ্ৰাপ্ত চাৰ্জেণ্ট সুৰেন্দ্ৰ কুমাৰ।